অসময়ত চুলি পকিছে! জানক সমস্যাৰ সমাধান

অসময়ত চুলি পকিছে! জানক সমস্যাৰ সমাধান

মানৱ দেহৰ সুস্থতা প্রায় সম্পূৰ্ণ নির্ভৰ কৰে খাদ্য-পাতিৰ ওপৰত। আৰু চুলিৰতো ইয়াৰ সৈতে প্ৰত্যক্ষ সম্পর্ক। অৱশ্যে চুলি পকাটো স্বাভাবিক বিষয়। তাৰ উপৰিও দেখা গৈছে বয়স নোহোৱাকৈও চুলি পকে বহুতৰে। আৰু অসময়ত চুলি পকাটো কমাব পৰা যায়। ইয়াৰ বাবে প্রয়োজন দৈনন্দিন জীৱন-যাপনত শৃঙ্খলাবদ্ধতা।

চুলি পকাৰ সমস্যা বহুখিনি দূৰত ৰখা সম্ভৱ বুলি কয় বিশেষজ্ঞসকলে। তেওঁলোকৰ মতে, বয়স বৃদ্ধিৰ লগে লগে চুলি পকিব, এইটো স্বাভাবিক। কিন্তু বগা চুলি যিকোনো সময়তেই দেখা দিব পাৰে। আনকি কৈশোৰ বা বয়স ২০ৰ কোটা পাৰ হোৱাৰ পিছতো চুলি প্ৰকাৰ সমস্যাই দেখা দিয়ে।

বহু সময়ত শৰীৰত প্রোটিন আৰু কপাৰৰ ঘাটিৰ কাৰণে এনেকুৱা হ’ব পাৰে। বহু সময়ত গুৰুতৰ অসুস্থতাৰ কাৰণেও চুলি পকি থাকে। এই ক্ষেত্ৰত দেৰি নকৰি চিকিৎসকৰ ওচৰলৈ যোৱা উচিত। এই ক্ষেত্রত বহু পুৰুষৰ যদি এনে সমস্যা বেছি হয় তেতিয়াহ’লে সৰ্বপ্ৰথমে ধূমপান এৰিব লাগিব।

চিকিৎসকে কয়, অসময়ত চুলিৰ অকালপক্কতাৰ সমস্যা দূৰ কৰিবলৈ মূলত প্রয়োজন ভিটামিন বি। ইয়াৰ অভাৱ হ’লে তাৰ প্রভাৱ পৰে মূৰৰ চুলিত। চুলি বগা হৈ গৈ থাকে। আনকি কেতিয়াবা কেতিয়াবা চুলি সৰাৰ সমস্যাইও দেখা দিয়ে আৰু ধীৰে ধীৰে চুলি দুর্বল হৈ থাকে।

ভিটামিন বি দুগ্ধজাত পদার্থত প্রচুৰ পৰিমাণে থাকে। এই ধৰণৰ খাদ্য নিয়মিত খালে চুলি মজবুত হয় আৰু চুলি বগা হোৱা ৰোধাত সহায় কৰে। চুলিৰ বাবে ভিটামিন বি-৬ আৰু বি-১২ খুবেই গুৰুত্বপূ্র্ণ। শৰীৰত এই ভিটামিনৰ অভাৱ হ’লে চুলিত অক্সিজেনৰ সৰবৰাহত ঘাটি দেখা যায়। বায়োটিন আৰু ফলিক এচিড কম হ’লেও চুলি বগা হয়।

ভিটামিন বি-৬ আৰু বি-১২ৰ বাবে সতেজ শাক-পাচলি, মাছ, মাংস, কণী আৰু সেউজীয়া পাতৰ পাচলি খাদ্য তালিকাত ৰাখিব লাগিব।

মূলত, চুলিৰ বাবে ভিটামিন বি বেছি দৰকাৰ, যিয়ে চুলিৰ ঘনত্ব বৃদ্ধি কৰে। চুলি সৰা কমায়। নতুন চুলি গজাত সহায় কৰে। প্রতিদিনৰ খাদ্যৰ তালিকাত যদি ভিটামিন বি জাতীয় খাদ্য ৰখা যায় তেতিয়াহ’লে চুলি সৰাৰ সমস্যাৰ পৰা ৰক্ষা পাব।

GTM Desk