27.7 C
Assam
Sunday, July 3, 2022

Featured News

Neramac-1st Green Innovation Pitch for the Students in NER

June, 29th, 2022: NERAMAC (North East Regional...

ABSU’s special orientation programme concludes

The influential All Bodo Students Union (ABSU)...

পত্নীসহ পত্নীৰ বায়েকক এচিডেৰে আক্ৰমণ স্বামীৰ

Assamese Newsপত্নীসহ পত্নীৰ বায়েকক এচিডেৰে আক্ৰমণ স্বামীৰ

লখিমপুৰৰ ৰঙাজানত সংঘটিত হৈছে এক ভয়ংকৰ এচিড আক্ৰমণৰ ঘটনা । জানিব পৰা মতে, লখিমপুৰৰ ৰঙাজানত শোৱাপাটীতে নিজৰ পত্নীসহ পত্নীৰ বায়েকক এচিডেৰে আক্ৰমণ কৰে স্বামীয়ে ৷ অভিযোগ অনুসৰি, যৌতুকৰ বাবেই এই ঘটনা সংঘটিত কৰিছে মহিলা গৰাকীৰ স্বামীয়ে ৷

পৰিয়ালৰ লোকে সদৰী কৰা মতে, এচিড আক্ৰমণৰ ঘটনা সংঘটিত কৰা লোক গৰাকীৰ নাম ৰফিকুল ইছলাম । ৰফিকুল ইছলামে বিয়াৰ পাছৰে পৰা যৌতুকজনিত কাৰণত নিজ পত্নীক শাৰীৰিক অত্যাচাৰ কৰি আহিছিল ৷ প্ৰায় তিনি মাহৰ পূৰ্বে মৰিয়াই মৰিয়াই নিজৰ পত্নীৰ হাত ভাঙি দিছিল ৰফিকুল ইছলামে ৷ তেতিয়াৰ পৰাই নিজৰ মাকৰ ঘৰত আছিল মহিলাগৰাকী ৷

দেওবাৰে নিশা নিজৰ বায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল মহিলা গৰাকী ৷ বায়েকৰ লগত নিশা শুই থকাৰ অৱস্থাতে মহিলা গৰাকীৰ স্বামীয়ে এচিডেৰে আক্ৰমণ কৰে দুয়োকে ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুয়োগৰাকী বাই-ভনী ৷

উল্লেখ্য যে, প্ৰথমে ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে আৰু তাৰ পাছত দুৱাৰ ভাঙি ৰফিকুলে ঘৰত প্ৰৱেশ কৰে বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে ৷ ইতিমধ্যে দুযোগৰাকীকে লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে ৰফিকুলৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানা দাখিল কৰিছে এজাহাৰ ৷ বৰ্তমান অভিযুক্ত ৰফিকুল পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ ইফালে, দোষীৰ কঠোৰ শাস্তিৰ দাবী তুলিছে পৰিয়ালৰ লোকে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: