22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

বিশ্বৰ আটাইতকৈ ধনী আৰু প্ৰভাৱশালী মহিলা কেইগৰাকী

Assamese Newsবিশ্বৰ আটাইতকৈ ধনী আৰু প্ৰভাৱশালী মহিলা কেইগৰাকী

সমগ্ৰ বিশ্বৰ মহিলাসকলে নিজ নিজ ক্ষেত্রত তেওঁলোকৰ দক্ষতা প্ৰমাণ কৰিছে। তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে পুৰুষৰ সৈতে সমানে আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু উপাৰ্জনৰ ক্ষেত্ৰতো মহিলাসকলৰ এক সুকীয়া স্থান আছে। বিশ্বজুৰি ধনী লোকৰ তালিকাত বহু সংখ্যক মহিলাই তেওঁলোকৰ স্থান দখল কৰিছে। শেহতীয়াকৈ ফৰ্বছৰ ধনী ব্যক্তিৰ তালিকাত ৩ গৰাকী মহিলাৰ নাম শীৰ্ষ ২০-ত অন্তৰ্ভুক্ত হৈছে। এগৰাকী হৈছে ফ্ৰাঙ্কোইচ বেটানকোৰ্ট মেয়াৰ, আন এগৰাকী এলিচ ৱাল্টন আৰু তৃতীয় গৰাকী জুলিয়া কোচ। এই আটাইকেইগৰাকী মহিলাৰ মুঠ সম্পত্তিৰ মূল্য ২০০ বিলিয়ন ডলাৰতকৈও অধিক।

~ ফ্ৰাঙ্কোইচ বেটানকোৰ্ট মেয়াৰ

মেয়াৰ বৰ্তমান ফৰ্বছৰ ধনী মহিলাৰ তালিকাৰ শীৰ্ষত আছে। তেওঁক ল’ৰিয়েল লেডী বুলিও জনা যায়। ফ্ৰাঙ্কোইচ বেটানকোৰ্ট মেয়াৰ ফ্ৰান্সৰ বাসিন্দা আৰু ফ্ৰাঙ্কোইছ ল’অৰেলৰ প্ৰতিষ্ঠাপকৰ নাতিনী। ২০ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে তেওঁৰ মুঠ সম্পত্তি হৈছে ৮২.০ বিলিয়ন ডলাৰ। ফৰাচী কোম্পানী ‘ল’ৰিয়েল’ৰ গৰাকীয়ে তেওঁৰ মাকৰ পিছত এই কোম্পানীটোৰ কাম চোৱাচিতা কৰিবলৈ আৰম্ভ কৰে। প্ৰকৃততে, এই কোম্পানীটো তেওঁৰ ককাদেউতাকে প্ৰতিষ্ঠা কৰিছ। তেওঁৰ মৃত্যুৰ পিছত, মেয়াৰৰ মাকে কামটো চোৱাচিতা কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত তেওঁ নিজেই এই কোম্পানীৰ শাসনভাৰ চম্ভালি আছে। তেওঁ ধনী লোকৰ তালিকাত ১১ নম্বৰ স্থানত আছে।

~ এলিচ ৱাল্টন

এলিচ ৱাল্টন বিশ্বৰ আটাইতকৈ ধনী মহিলাৰ তালিকাত দ্বিতীয় স্থানত আছে যাৰ মুঠ সম্পত্তি ৰ মূল্য ৬০.২ বিলিয়ন ডলাৰ। আমেৰিকান লেডী এলিচ ৱাল্টন হৈছে ৱালমাৰ্টৰ প্ৰতিষ্ঠাপক ছেম ৱাল্টনৰ কন্যা। তেওঁ ধনী লোকৰ তালিকাত ১৯ নম্বৰ স্থানত আছে। এলিচ দেউতাকৰ একমাত্ৰ জীয়ৰী।

~ জুলিয়া কোচ

কোটিপতি মহিলাৰ তালিকাত তিনি নম্বৰত থকা জুলিয়া কোচৰ মুঠ সম্পত্তিৰ মূল্য ৫৯.৬ বিলিয়ন ডলাৰ। জুলিয়াই বহুতো বৃহৎ প্ৰকল্প চলায়। আমেৰিকাৰ কোচ ইণ্ডাষ্ট্ৰিজৰ গৰাকী ডেভিদ কোচৰ মৃত্যুৰ পিছত, তেওঁৰ পত্নী আৰু তেওঁলোকৰ তিনিটা সন্তানে কোম্পানীটোৰ ৪২ শতাংশ অংশীদাৰীত্ব লাভ কৰে। জুলিয়া কোচে তেতিয়াৰ পৰাই কোম্পানীৰ মুৰব্বী হিচাপে কাম কৰি আহিছে। তেওঁ ধনী লোকৰ তালিকাত ২০ নম্বৰ স্থানত আছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!