21.1 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

পইচা দিয়ক মেট্ৰিক পাছ কৰক !

Assamese Newsপইচা দিয়ক মেট্ৰিক পাছ কৰক !
পইচা দিয়া মেট্ৰিক পাছ কৰক : নাওবৈচাত প্ৰলোভনেৰে ধন সংগ্ৰহ প্ৰধান শিক্ষকৰ
লখিমপুৰৰ নাওবৈচাৰ ভিতৰুৱা অঞ্চলত ন-আলি জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষকে সহজ সৰল আৰু অশিক্ষিত অভিভাৱকৰ পৰা কেইবাবছৰ ধৰি মেট্ৰিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰলোভন দি ১০-১৫ হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ প্ৰাপ্ত হৈছে। প্ৰাপ্ত তথা মতে, ন-আলি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত পেগুৱে একে অঞ্চলৰ দালাল বিমান পেগুৰ জৰিয়তে লখিমপুৰ জিলাখনৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা ধনৰ বিনিময়ত মেট্ৰিক পৰীক্ষাৰ্থী সংগ্ৰহ কৰি আহিছে। শেহতীয়াকৈ নাওবৈচাৰ ৰামপুৰ বগীবিল আৰু ফুলবাৰী পঞ্চায়ত এলেকাৰ অতি ভিতৰুৱা শান্তি আশ্ৰম,কৃষ্ণপুৰ,নিজৰাপাৰ আদি গাঁৱৰ বিশগৰাকীৰো অধিক ছাত্র ছাত্ৰীৰ অভিভাৱকৰ পৰা ধন সংগ্ৰহ কৰি ন-আলি জনজাতি বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ কৰি প্ৰথম বা দ্বিতীয় বিভাগত উত্তীৰ্ণ হব পৰাকৈ সুবিধা প্ৰদান কৰাৰ আশ্বাস দি পাঁচ হাজাৰৰ পৰা বিছ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ বিষয়ে ভুক্তভোগী অভিভাৱকসকলে আজি অভিযোগ কৰে। ধন সংগ্ৰহ কৰা দালালৰূপে সহযোগিতা কৰি বিমান পেগুৱে অধিকসংখ্যক ছাত্র ছাত্ৰীৰ অভিভাৱকৰ পৰা ধন সংগ্ৰহ কৰাৰ বিপৰীতে প্ৰধান শিক্ষক হেমন্ত পেগুৱে কিছুসংখ্যকৰ পৰাহে পোনপটীয়াকৈ ধন সংগ্ৰহ কৰিছিল। একাংশ অভিভাৱকে হেমন্ত পেগুৰ বেংক একাউন্টতো টকা জমা দিয়াৰ তথ্য লাভ কৰা হৈছে। শিক্ষাৰ দিশত কম মেধাৰ ছাত্র ছাত্ৰী আৰু অভিভাৱকসকলক চক্ৰটোৱে ন-আলি জনজাতি হাইস্কুলৰ ছাত্র-ছাত্ৰী হিচাপে দেখুৱাবলৈ নৱম শ্ৰেণীৰ পঞ্জীয়ন পত্ৰ বিভাগীয়ভাৱে নাকচ কৰি পুনৰ পঞ্জীয়ন কৰাৰ পাছত ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা দিয়াৰ সুবিধা কৰি দিয়া বুলি অভিভাৱকক জনোৱাৰ কথা সংবাদ মাধ্যমক জনায়। বহু বছৰ ধৰি এই চক্ৰটোৱে লাখ লাখ টকা সংগ্ৰহৰ বজাৰ চলাই থকাৰ পাছত ঘটনাটো আজি ফাদিল হয় । চক্ৰটোৱে কালিৰে পৰা অনুষ্ঠিত হবলগা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হবলৈ উল্লেখিত গাঁওকেইখনৰ পৰা ধন আদায় লোৱা দহগৰাকী ছাত্র ছাত্ৰীৰ এডমিট কাৰ্ড আজি পৰ্যন্ত যোগান ধৰিব নোৱাৰাৰ পাছতে সমগ্র অনিয়ম ধৰা পৰে। প্ৰৱেশ পত্ৰৰ নোপোৱাৰ বাবে পৰীক্ষাৰ পৰা বঞ্চিত হবলগা হোৱা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। দৰিদ্ৰ অভিভাৱকসকলে নিজ সন্তানৰ ভাল ৰিজাল্ট পোৱাৰ আশাত ঘৰুৱা সম্পত্তি বিক্ৰী কৰি বিমান পেগু নামৰ দালালৰ হাতত টকা আদায় দিয়া শান্তি আশ্ৰমত এতিয়া দুখৰ পৰিবেশে বিৰাজ কৰিছে। এই চক্ৰটোৱে যোৱা বৰ্ষতো অঞ্চলটোৰ ২২ গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা মেট্ৰিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ কৰোৱাৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ বিষয়েও অভিযোগ কৰে। ইতিমধ্যে ভুক্তভোগী অভিভাৱকসকলৰ লগতে অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা সমগ্র কেলেংকাৰীৰ বিষয়ে লখিমপুৰ জিলাৰ উপায়ুক্তক আৱেদন দাখিল কৰি তদন্তৰ জৰিয়তে দুষ্ট চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!