ৰঙালী বিহুত জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ নাপাব নেকি অনুৰাগীয়ে? চৰ্চাত কেৱল হাৰ্টথ্ৰৱ-
বিগত কিছুদিন ধৰি জুবিন গাৰ্গক লৈ ইতিবাচক-নেতিবাচক সকলো মন্তব্যই দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গক আৱেগ বুলিয়ে সকলোৱে গণ্য কৰি আহিছে। সমগ্ৰ অসমবাসীৰ বাবে তেওঁ এনে এজন ব্যক্তি, যাক এবাৰ মাত্ৰ চাবলৈ উৎফুল্লিত হৈ থাকে জনসাধাৰণ। যাৰ উপস্থিতিয়ে সকলোকে সমৃদ্ধ কৰি ৰাখে বুলি বহুতেই ভাবে। ফেচবুক একাউণ্টত নিজস্ব নামবোৰৰ আগত “ZG” লিখাটো নৱপ্ৰজন্মৰ বাবে এক অতিকৈ আনন্দৰ কথা। “ZG” নিলিখিলেও অধিকাংশ এনেও ব্যক্তি আছে যিয়ে টিভিত জুবিন গাৰ্গক দেখাইছে বুলি ক’লে নিজৰ সমস্ত কাম এৰি ঢাপলি মেলে। তেওঁ গান নাগালেও, তেওঁৰ ২-১ টা কথাৰ বাবেও ঘণ্টা ধৰি ঘণ্টা অপেক্ষা কৰি ৰোৱা ব্যক্তিও আছে। জনসাধাৰণৰ আৱেগ জড়িত হৈ থকা এইগৰাকী জুবিন গাৰ্গৰ বিৰুদ্ধে কিয় চলিছে ইমান নেতিবাচক মন্তব্য?
কণ্ঠশিল্পী গৰাকীক প্ৰথমে তিৱা ছাত্ৰ সন্থাই নেলীত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানৰ বাবে চুক্তিবদ্ধ কৰিও ধন প্ৰদান নকৰাৰ ফলত জুবিন গাৰ্গে সেই অনুষ্ঠানত উপস্থিত হোৱা নাছিল। আনহাতে, শিৱসাগৰত অনুষ্ঠিত এখন অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ জুবিন গাৰ্গ হোৱা স্বত্বেও তেখেতে উক্ত দিনা “গান গোৱাৰ মন নাই” বুলি কয় মঞ্চৰ পৰা নামি আহিছিল। এই আটাইবোৰ খবৰৰ মাজতেই আকৌ আক্ৰাছু দলটোৱে বঙাইগাঁৱত অনুষ্ঠান কৰাৰ পৰা নিষিদ্ধ কৰিলে জুবিন গাৰ্গক। ৰঙালী বিহুত বঙাইগাঁৱত দুটাকৈ অনুষ্ঠান আছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গে কোচ ৰাজবংশী জনগোষ্ঠীৰ ওচৰত ক্ষমা নিবিচাৰালৈকে তেওঁক বঙাইগাঁৱত গাবলৈ দিয়া নহ’ব গান।
এই আটাইবোৰ বিষয় সন্দৰ্ভত অৱশ্যে হাৰ্টথ্ৰৱ গৰাকীয়ে কোনোধৰণৰ মন্তব্য কৰা নাই। এইখিনি সময়ত তেওঁৰ ফালৰ এটা মন্তব্য অহাটো হয় টো অতি জৰুৰী আছিল।
