এথলিট হিমা দাসক নিলম্বন, এন্টি ডপিং নিয়ম ভংগ কৰাৰ বাবেই NADA-এ নিলম্বন কৰে

এথলিট হিমা দাসক নিলম্বন, এন্টি ডপিং নিয়ম ভংগ কৰাৰ বাবেই NADA-এ নিলম্বন কৰে

ভাৰতীয় স্প্ৰিণ্টাৰ হিমা দাসক ৰাষ্ট্ৰীয় এণ্টি ড’পিং সংস্থাই (এনএডিএ) ১২ মাহৰ ভিতৰত অস্থায়ীভাৱে নিলম্বিত কৰিছে। হিমা দাসে সৰ্বাধিক দুবছৰলৈকে নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে বুলি এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। কিন্তু  খেলুৱৈগৰাকীয়ে কৰা ভুলৰ মাত্ৰাৰ  ওপৰত নিৰ্ভৰ কৰি শাস্তি এবছৰলৈ  হ্ৰাস কৰিব পাৰে বুলিও বিষয়াগৰাকীয়ে কয়।

 নাম প্ৰকাশত অনিচ্ছুক  বিষয়াগৰাকীয়ে কয়, “হয়, তেওঁ এবছৰৰ ভিতৰত তিনিটা ড’পিং পৰীক্ষা এৰাই চলিছে।  সেয়েহে তেওঁক এনএডিএ-ৰ দ্বাৰা অস্থায়ীভাৱে নিলম্বিত কৰা হৈছে।” বিশ্ব এথলেটিকছ এণ্টি-ড’পিং (ডব্লিউ.এ.ডি.এ.) নিয়ম অনুসৰি, তিনিটাৰ পৰীক্ষাত উপস্থিত থকাত বিফল হ’লে ড’পিং-বিৰোধী নিয়ম উলংঘন হোৱা বুলি ধৰা হয়।
ইতিমধ্যে আঘাতৰ বাবে চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক এছিয়ান গেমছৰ পৰা নাম প্ৰত্যাহাৰ হৈছে হিমাৰ।হিমা দাসে ২০১৮ জাকাৰ্টা এছিয়ান গেমছত ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক জিকিছিল। স্প্ৰিণ্টাৰগৰাকীয়ে মহিলাৰ ৪ x ৪০০ মিটাৰ ৰিলেতো পদক অৰ্জন কৰিছিল৷  আঘাতৰ বাবেই তেওঁ  ফেডাৰেচন কাপৰ পৰা বাহিৰ থাকিবলগীয়া হৈছিল৷ হিমাই বাংগালোৰত ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্সৰ  এদিন পূৰ্বে  আঘাতপ্ৰাপ্ত হৈছিল।

GTM Desk