দেৱী লক্ষ্মীৰ আৰ্শীবাদত ভক্তসকলৰ কেতিয়াও ধনৰ অভাৱ নহয়

দেৱী লক্ষ্মীৰ আৰ্শীবাদত ভক্তসকলৰ কেতিয়াও ধনৰ অভাৱ নহয়

মা লক্ষ্মীক ধনৰ দেৱী বুলি গণ্য কৰা হয়।শুক্ৰবাৰে লক্ষ্মী দেৱীক পূজা কৰাৰ নিয়ম আছে।কোৱা হয় যে-লক্ষ্মী দেৱীক বিধি-বিধানেৰে পূজা কৰিলে-তেতিয়া মা লক্ষ্মীয়ে নিজৰ ভক্তসকলক চিৰদিন সমৃদ্ধিশালী হবলৈ আৰ্শীবাদ দিয়ে।

দেৱী লক্ষ্মীৰ আৰ্শীবাদত ভক্তসকলৰ-কেতিয়াও ধনৰ অভাৱ নহয়।দেৱী লক্ষ্মীৰ পূজাত তেওঁৰ পচন্দৰ বস্তু আগবঢ়াব লাগে।পদুম ফুল মা লক্ষ্মীৰ অতি প্ৰিয়।কিন্তু পদুম ফুলৰ বাহিৰেও আন বহুতো ফুল আছে-যিবোৰ মা লক্ষ্মীয়ে ভাল পাই।

*সেই ফুল হৈছে-

১/কৰৱী ফুল-

জ্যোতিষীৰ মতে-কৰৱী ফুল-দেৱী লক্ষ্মীক অৰ্পণ কৰিব লাগে।কৰৱী ফুল আগবঢ়ালে মা লক্ষ্মী আনন্দিত হয়।বগা কৰৱী ফুলক শান্তি,সুখ, আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

২/নাৰ্জী ফুল-

আচলতে নাৰ্জী ফুল-ভগৱান বিষ্ণুৰ অতি প্ৰিয়।যাৰ বাবে-নাৰ্জী ফুল দেৱী লক্ষ্মীক আগবঢ়ালে-তেওঁ আনন্দিত হয়।

৩/ৰঙা গোলাপ ফুল-

ৰঙা গোলাপ মা লক্ষ্মীৰ বৰ প্ৰিয়।ৰঙা গোলাপ আগবঢ়ালে সন্তষ্ট হয়-মা লক্ষ্মী।বিবাহিত নাৰীয়ে মা লক্ষ্মীক ৰঙা গোলাপ আগবঢ়াব লাগে বুলি বিশ্বাস কৰা হয়।

৪/নীলা অপৰাজিতা ফুল-

নীলা ৰংৰ অপৰাজিতাৰ ফুল আগবঢ়ালে মা লক্ষ্মী সন্তষ্ট হৈ-ভক্তসকলক শুভ আৰ্শীবাদ প্ৰদান কৰে।ইয়াৰ লগতে ভক্তসকলৰ ওপৰত দেৱী লক্ষ্মীৰ কৃপা ৰৈ যায়।

৫/পদুম ফুল-

দেৱী লক্ষ্মীৰ পদুম ফুল হৈছে-আটাইতকৈ প্ৰিয় ফুল।কোৱা হয় যে-দেৱী লক্ষ্মীৰ পূজাত পদুম ফুল আগবঢ়াব লাগে।পদুম ফুল আগবঢ়ালে-দেৱী লক্ষ্মী সন্তষ্ট হয়।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

GTM Desk

Related