অভিনেতা শ্ৰেয়াছ তালপাডে হাৰ্ট এটেকত আক্ৰান্ত, বৰ্তমান মুম্বাইৰ চিকিৎসালয়ত ভৰ্তি
বলীউডৰ জনপ্ৰিয় অভিনেতা শ্ৰেয়াছ তালপাডে হাৰ্ট এটেকত আক্ৰান্ত হৈছে। ৪৭ বছৰীয়া অভিনেতাগৰাকীয়ে বৃহস্পতিবাৰে সন্ধিয়া শ্বুটিংৰ পৰা ঘৰলৈ উভতাৰ পিছত অসুস্থতা অনুভৱ কৰে আৰু মাটিত ঢলি পৰে। অভিনেতাজনক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পিছত মুম্বাইৰ আন্ধেৰী পশ্চিমৰ বেলভিউ হাস্পতালত বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত শ্ৰেয়াছৰ এঞ্জিওপ্লাষ্টি কৰা হয়। চিকিৎসালয় কৰ্তৃপক্ষই কয় যে, বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ আৰু তেওঁ ভালেই আছে।