27.6 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ওদালগুৰি জিলাত এবিএমছুৰ প্ৰয়াত নেতা লাফিকুল ইছলাম আহমেদৰ আত্মাৰ সদ্গতিৰ সমূহীয়া দোৱা ও প্ৰাৰ্থনা সভা।

Top Newsওদালগুৰি জিলাত এবিএমছুৰ প্ৰয়াত নেতা লাফিকুল ইছলাম আহমেদৰ আত্মাৰ সদ্গতিৰ সমূহীয়া দোৱা ও প্ৰাৰ্থনা সভা।

ওদালগুৰিৰ জিলাৰ ৰৌতাৰ ঝাৰগাওঁ চকত বৃহস্পতি বাৰে সন্ধিয়া ৬ বজাত এবিএমছুৰ শতাধিক সদস্যৰ লগতে বৃহত্তৰ ৰৌতা অঞ্চলৰ সহযোগত এবিএমছুৰ প্ৰয়াত জনপ্ৰিয় নেতা শ্বহীদ লাফিকুল ইছলাম আহমেদৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনাৰে সমূহীয়া ভাৱে দোৱা ও প্ৰাৰ্থনা কৰে। উক্ত দোৱা অনুষ্ঠানত উপস্থিত হৈ আমিন পাৰা মাদ্ৰাছাৰ শিক্ষক মৌলনা আবুবক্কৰ ছিদ্দিকে নেতা গৰাকীৰ বিদেহী আত্মাৰ সদ্গতিৰ ভাৱে দোৱা পাঠ কাৰ্যসূচী সম্পুৰ্ণ কৰে। অনুষ্ঠানৰ অন্তত এবিএমছুৰ কেন্দ্ৰীয় প্ৰাক্তন নেতা জৰিফ আলীয়ে জাঙুৰ খাই উঠি কয় যে শ্বহীদ লাফিকুল ইছলাম আহমেদক একাংশ দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰাৰ দুটা বছৰ অতিক্ৰম কৰাৰ পাছতো পৰিয়ালে কোনো ন্যায় নাপালে।লগতে নেতা গৰাকীয়ে কয় লাফিকুল ইছলাম আহমেদৰ হত্যাৰ আৰত এক ৰাজনৈতিক ষড়যন্ত্ৰ আছিল বুলি সন্দেহ ব্যক্তি কৰে।শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় নাপালে এবিএমছু কেতিয়াও ক্ষান্ত নাথাকে বুলি অসম তথা বিটিচি চৰকাৰক সকীয়াই দিয়ে।

Staff report, Guwahati Times Media.

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!