*ডিব্ৰুগড় বিশ্ববিদ্যালয় অনুসূচীত জাতি ছাত্র গোটৰ নৱাগত আদৰণি সভা*

0 min read

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কনকলতা ভৱনত আজি অনুসূচীত জাতিৰ নৱাগত ছাত্র ছাত্রী সকলৰ আদৰণি সভা অনুষ্ঠিত হয়।

সভাৰ আৰম্ভণিতে এই গোটৰ মূখ্য প্ৰতিষ্ঠাপক সম্পাদক শ্রীযুত ভাৰত বনিয়াৰ লগতে সভাত সভাপতি আসন গ্রহণ কৰা লতিকা শইকীয়াই ডঃ বি আৰ আম্বেদকাৰৰ প্ৰতি সন্মান জনাই বন্তি প্রজ্বলন কৰে।

গোটৰ সম্পাদক ভাইকণ দাসে উদেশ্যে বাখ্যা কৰা সভাখনত উপস্থিত থাকে সদৌ অসম অনুসূচীত যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সভাপতি শ্রীযুত ৰুবুল দাসে বৰ্তমান সময়ত অসমত অনুসূচীত জাতিৰ যি সমস্যা সন্মুখীন হৈ বিশেষকৈ জলপাণিৰ পৰা যে ছাত্র ছাত্রী সকল বন্চিত হৈ আছে তাৰ ওপৰত গুৰুত্বপূৰ্ণ আভাস দিয়ে।তেওঁৰ লগত থাকে সদৌ অসম অনুসূচীত যুৱ ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক কমলা কান্ত দাস, মূখ্য উপদেষ্টা ৰুপক দাসৰ লগতে বিভিন্ন জিলাৰ সদস্যসকল।

ইয়াৰ পিছতেই অগ্ৰজ সকলৰ ভিতৰত টংকেশ্ৱৰ দাস, তন্ময় জোতি দাস আৰু অনুজ সকলৰ পৰা জনম জোতি কাশ্যপে গীত পৰিৱেশন কৰে। ইয়াৰ পিছতেই সভাত সভাপতি শ্ৱৰুপে আসন গ্রহণ কৰা লতিকা শইকীয়াই শলাগৰ শৰাই আগবঢ়াই আনুষ্ঠানিক সভাখন ভংগ কৰে। উল্লেখযোগ্য যে ২০১৬ চনত মূখ্য প্ৰতিষ্ঠাপক ভাৰত বনিয়াৰ একক প্রচেষ্টাত ডিব্ৰুগড় বিশ্ববিদ্যালয় ত পোন প্রথমবাৰৰ বাবে এই অনুসূচীত জাতি ছাত্র গোটতো প্ৰতিষ্ঠা হৈছিল।

You May Also Like

More From Author