নগাঁৱত কবিতাৰে প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা ।

1 min read


প্ৰতিবাদৰ ভাষাও হ’ব পাৰে কবিতা । নগাঁৱৰ এদল কাব্যপ্ৰেমীয়ে শনিবাৰে কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে । নগাঁৱৰ শ্বহীদ ভৱনত সমবেত হৈ জ্যোতিপ্ৰসাদ আগৰৱালা , ভূপেন হাজৰিকা আৰু লক্ষ্মীনাথ বেজবৰুৱাক প্ৰতীকী ৰূপত উপস্থাপন কৰি ৰাজপথত কবিতা পাঠ কৰি অসম বচোৱাৰ আহ্বান জনালে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে । এই ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’লে নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক নবীন-প্ৰবীন কবিয়ে ।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author