নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ সমাপন সমাৰোহৰ সামৰণি ।

ডাইনীকে ধৰি সমাজত প্ৰচলিত বিভিন্ন কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা সমাজকৰ্মী বীৰুবালা ৰাভাক প্ৰদান কৰা হয় আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ৷ নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ সমাপন সমাৰোহত এই বঁটা প্ৰদান কৰে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷ মহাবিদ্যালয়খনৰ হীৰক জয়ন্তীৰ সমাপন সমাৰোহৰ মুকুলি সভাত বঁটা গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে বীৰুবালা ৰাভা ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ ড° হৰিপ্ৰসাদ শৰ্মা, শিক্ষাবিদ ড° কন্দৰ্প কুমাৰ ডেকা, উপায়ুক্ত যাদৱ শইকীয়া আদি উপস্থিত থাকে এই মুকলি সভাখনত । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ সমাপন সমাৰোহ সোমবাৰে সাংস্কৃতিক অনুষ্ঠানৰে সামৰণি পৰে ।

Adil Shah Report GTM

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!