30 C
Assam
Wednesday, June 7, 2023

Featured News

AHSEC HS Results: Here are the sites where you can check results

ahsec.assam.gov.in http:/www.indiaresults.com/ https:/assamjobalerts.com/ iresults.net exametc.com https:/www.assamresult.co.in/ https:/www.results.shiksha/ https:/www.assamresult.in/ iresults.in

নলবাৰী ঘগ্ৰাপাৰ থানাত সজাগতামুলক সভা সম্পন্ন

Top Newsনলবাৰী ঘগ্ৰাপাৰ থানাত সজাগতামুলক সভা সম্পন্ন

নলবাৰী,১৩ মেঃ নলবাৰী জিলাৰ পূৱ দিশৰ  ঘগ্ৰাপাৰ  আৰক্ষী থানাত  দেওবাৰে  গাওঁ ৰক্ষীবাহিনীৰ মাহিলী সভাৰ সংগতি ৰাখি এখন সাম্প্ৰতিক পৰিস্হিতি আৰু জনসাধাৰনৰ মাজত এখন  সজাগতামুলক সভা অনুষ্ঠিত হৈ যায়।   ঘগ্ৰাপাৰ আৰক্ষী থানাৰ চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসে আঁত ধৰা সভাখনত থানা এলেকাৰ গাঁও ৰক্ষী বাহিনীৰ  কৰ্মকতাসকলৰ উপৰিও ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী,উপ পৰিদৰ্শক জাকিৰ হুছেইন,ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সভাপতি অমূল্য কলিতা,নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাকে ধৰি কেবাগৰাকী বিশিষ্ট ব‍্যক্তিয়ে অংশগ্ৰহণ কৰে।সভাত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে ভাষণত কয় যে আৰক্ষী আৰু জনসাধাৰণৰ মাজত এটা মূদ্ৰাৰ ইপিঠি সিপিঠি সম্পৰ্ক হব লগে ।প্ৰতিটো বিপদৰ আগত আৰক্ষীৰ সৈতে জনসাধাৰণৰ তথা দল সংগঠনে যোগাযোগ ৰাখিবলৈ আৰক্ষীবিষয়াগৰাকীয়ে উপস্থিত ৰাইজক আহ্বান জনায়।নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই ভাষণত আগত দিনত এই থানা এলেকাত যাতে কোনো দুষ্টলোকে শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ প্ৰতি আৰক্ষীয়ে চোকা নজৰ ৰখাৰ উপৰিও গাঁও ৰক্ষী বাহিনীয়েও সক্ৰিয়তা হৈ প্ৰশাসনক প্ৰতিটো ক্ষণতে সহায় কৰিবলৈ আহ্বান জনায়।সভাত ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সভাপতি অমূল্য কলিতাই বৃহত্তৰ থানা এলেকাত যাতে সকলো সম্প্ৰদায়ৰ লোকে মিলা প্ৰাতিৰে কোনো দন্দ নোহোৱাকৈ জীৱননিৰ্বাহ কৰিব পাৰে তাৰ বাবে সকলোৱে আৰক্ষী-প্ৰশাসনক সহায় কৰিব লাগে।সভাত উপ আৰক্ষী বিষয়া জাকিৰ হুছেইনে কয় যে গা‍ঁও ৰক্ষীবাহিনীয়ে প্ৰতি সময়তে আৰক্ষীৰ সৈতে যোগযোগ ৰাখক।উল্লেখ‍্য যে যোৱা কালিও ঘগ্ৰাপাৰ থানাত ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত এখন সজাগতা সভা হৈ যায়।সভাত ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,নলবাৰী জিলাৰ DsP শাখাৰ Dsp ইমা দাসকে ধৰি অঞ্চলটোৰ প্ৰায় শতাধিক সচেতন ব‍্যক্তিয়ে অংশগ্ৰহণ কৰে।

Staff Report-GTM

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!