25.1 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

নিৰুদ্দিষ্ট আলফা সদস্য পলাশ মৰাণৰ মৃতদেহ উদ্ধাৰ

Assamese Newsনিৰুদ্দিষ্ট আলফা সদস্য পলাশ মৰাণৰ মৃতদেহ উদ্ধাৰ

আলফা (স্বা)ৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাক্‌ক্ষণত ম্যানমাৰ শিবিৰৰ পৰা আন তিনি সতীৰ্থৰ সৈতে পলায়ণ কৰিছিল পলাশ মৰানে। পলায়ন কৰা পলাশ মৰাণ নামৰ আলফা সদস্যজনৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ হয় ৷

আছাম ৰাইফলছ আৰু স্থানীয় লোকৰ সহায়ত ইণ্ডো-ম্যানমাৰ সীমান্তৰ আপাৰ চিংঘা নামৰ এখন বস্তিত আলফা সদস্যজনক পৰিয়ালৰ লোকে পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে ৷ আন তিনি সতীৰ্থৰ সৈতে পলায়ণ কৰা সদস্যজনৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই ৷

ইপিনে আন তিনি সৰ্তীথ ক্ৰমে মন্টু মৰাণ, মহন্ত বৰুৱা আৰু হিমাংশু ভূঞা ইতিমধ্যই অৰুণাচলত আৰক্ষীৰ জালত পৰিছিল ৷ আজি মৃতদেহ উদ্ধাৰ হোৱা পলাশৰ ঘৰ পেঙেৰীৰ তৰাণী গাঁৱত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!