24.4 C
Assam
Sunday, September 25, 2022

Featured News

নৈত পৰি যোৱা দুদিন ধৰি সন্ধানহীন এটা কণমানি শিশু:উদ্ধাৰ অভিযান অব্যাহত

Top Newsনৈত পৰি যোৱা দুদিন ধৰি সন্ধানহীন এটা কণমানি শিশু:উদ্ধাৰ অভিযান অব্যাহত

কোকৰাঝাৰ জিলাৰ ফকীৰগ্রাম আৰক্ষী চকীৰ অন্তৰ্গত নয়াচাৰা গাওঁত অঘটন।গাঁওখনৰ কাষেদি বৈ যোৱা গঙ্গীয়া নৈত যোৱা ২৩ /১১(শনিবাৰ) দিনৰ আবেলি প্ৰায় ৪ মান বজাত চাৰি বছাৰীয় কণমানি শিশু এটা নৈৰ পানীত পৰে।জানিব পৰা মতে গাঁওখনৰ স্থানীয় বাসিন্দা আবুল কালামৰ পত্নী শিশুটোক লৈ নৈখনৰ কাষত যাক দিয়া মৰা পাঠ ধুঁবলৈ গৈছিল।যথাসময়ত শিশুটো উক্ত নৈৰ কাষত খেলি থাকোতে পানীত পৰে আৰু লগালগ মাতৃৰ দৃষ্টিগোছৰ হয়। মাতৃ গৰাকী শিশুটোক উদ্ধাৰ কৰিবলৈ যাওঁতে নিজেও পানীৰ সোঁতৰ বলি হয়।ওচৰতে থকা ১৩ বছৰীয়া এজনী যুৱতী ততাতৈয়াকৈ পানীত জাপ দি মাতৃগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও দুৰ্ভাগ্যবসত শিশুটোক উদ্ধাৰ কৰিব নোৱাৰে।অৱশ্যে পৰৱৰ্তী সময়ত চিথিলা আৰক্ষীৰ সহযোগত SDRF বাহিনীক মতায়ন কৰা হয়।কিন্তু এতিয়ালৈকে কণমানি শিশুটোৰ কোনোধৰণৰ সাং-সূত্ৰৰ বাতৰি অহা নাই।

Rafiqul Islam Report GTM

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: