20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

ফাদিল হোৱা নাই ভূগোলৰ প্ৰশ্নকাকত, ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত নহ’বলৈ আহ্বান শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

Assamese Newsফাদিল হোৱা নাই ভূগোলৰ প্ৰশ্নকাকত, ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত নহ’বলৈ আহ্বান শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত। WhatsAppত ভাইৰেল হোৱা প্ৰশ্নকাকতখন ২০২১ বৰ্ষৰ। এই কথা নিশ্চিত কৰিলে ছেবা কৰ্তৃপক্ষই।

কোনো দুষ্টচক্ৰই ভাইৰেল কৰিছে পুৰণি প্ৰশ্নকাকত। ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত কৰাৰ চেষ্টা কোনো দুষ্ট চক্ৰৰ। এডিট কৰি WHatsAppত ভাইৰেল কৰিছিল পুৰণি প্ৰশ্নকাকত।

২০ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ভূগোলৰ পৰীক্ষাৰ পূৰ্বে এইদৰে পুৰণি প্ৰশ্নকাকত ভাইৰেল কৰি ছাত্ৰ–ছাত্ৰীৰ মনত আঘাত দিয়াৰ চেষ্টা চলাইছে কোনো দুষ্টচক্ৰই। লগতে ছেবাক বদনাম কৰাৰো এক নিকৃষ্ট প্ৰয়াস দুষ্টচক্ৰৰ।

এই ঘটনাৰ পিছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, ‘‘ছেবাই স্পষ্টীকৰণ নিদিয়ালৈ ছচিয়েল মিডিয়াৰ এনেধৰণৰ ভুৱা খবৰত বিভ্ৰান্ত নহ’বলৈ ছাত্ৰ–ছাত্ৰীসকলক আহ্বান জনাইছো। ইতিমধ্যে স্পষ্ট হৈছে এইখন এইবাৰৰ প্ৰশ্নকাকত নহয়, পুৰণি প্ৰশ্নকাকত। ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব।’’

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!