বাৰত Late Night Party কৰি সুৰাৰ ৰাগিত মাতাল অভিনেত্ৰীৰ ভংয়কৰ কাণ্ড! Real Lifeত আৰক্ষীকে ৰাজপথত জ্বলাই দিয়াৰ অপচেষ্টা!
তেওঁলোক দুয়োগৰাকীয়ে ধাৰাবাহিকৰ চিনাকি মুখ, কিন্তু Real Life কাণ্ডৰ কথা শুনিলে বকু কঁপি উঠিব আপোনাৰ। নিশা পেটত সুৰাটুপি পৰিলেই অসুৰ হৈ সুন্দৰী যুৱতী, পাহৰি যায় নিজকে। ধনীৰ দুলাল সুন্দৰী যুৱতীৰ পৰা বাছি আৰক্ষীয়েও। নিশা আৰক্ষী জোৱানক তেল ঢালি জ্বলাই দিয়াৰ চেষ্টা সুন্দৰী যুৱতীৰ নেতৃত্বত অসুৰৰ দলৰ। ৫ যুৱক-যুৱতীৰ নৃশংস কাণ্ডক লৈ তোলপাৰ ৰাজ্য।
মাজ নিশালৈ সুৰাৰ পাৰ্টি কৰি পুৱা লৈ হৈ পৰে দানৱ। ধনীৰ দুলালৰ ভয়ানক কাণ্ডক লৈ আজি তোলপাৰ সমগ্ৰ ৰাজ্য। সুৰাৰ পাৰ্টিত হঠাৎ সুৰা বিচাৰি আবিৰ্ভাৱ হোৱা এজন আৰক্ষীৰ লোকক প্ৰথমে নৃশংস আক্ৰমণ, তাৰ পিছত বশিষ্ঠত ঘটিল গাৰ নোম শিয়ঁৰি উঠা সেই ঘটনাটো। প্ৰচণ্ড চৰ, গোৰ, ঘোচাত শান্ত নাথাকি গুণ্ডাৰ দলটোৱে আৰক্ষী জোৱান প্ৰদীপ বসুমতাৰীক তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা।