25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

বিহু সন্মিলনীবোৰে ৭০- ৮০ টকীয়া বাহিৰৰ গামোচাৰ বিপৰীতে ২৫০- ৩০০ টকাত অসমীয়া শিপিনীৰ গামোচা দিবলৈ আৰম্ভ কৰক: শ্যামকানু মহন্ত

Assamese Newsবিহু সন্মিলনীবোৰে ৭০- ৮০ টকীয়া বাহিৰৰ গামোচাৰ বিপৰীতে ২৫০- ৩০০ টকাত অসমীয়া শিপিনীৰ গামোচা দিবলৈ আৰম্ভ কৰক: শ্যামকানু মহন্ত

ৰাজ্যৰ ” বিহু সন্মিলনীবোৰে ৭০- ৮০ টকীয়া বাহিৰৰ গামোচাৰ বিপৰীতে ২৫০-৩০০ টকাত অসমীয়া শিপিনীৰ গামোচা দিবলৈ আৰম্ভ কৰক – ” শ্যামকানু মহন্ত। অসমত অসমীয়াৰ স্বভিমান গামোচা খন অসমতে এলাগী কৰি বিদেশী গামোচাৰে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুত অতিথিক সম্ভাষণ জনোৱা উচিত নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে ৰঙালী বিহু সন্মিলনৰ মুখ্য আয়োজক শ্যামকানু মহন্তই। তেওঁ কয় যে দেশৰ প্ৰায় ৪৭ শতাংশ শিপিনী অসমৰ। অসমীয়া শিপিনীৰ কামৰ গৰিমা সৰ্বত্ৰে জনাজাত। অসম চৰকাৰে দেশৰ বাহিৰৰ পৰা গামোচা অনাতো বন্ধ কৰাৰ সিদ্ধান্তই থলুৱা বজাৰ সৃষ্টি কৰিব। তেওঁ আৰু কয় এইবাৰ বিহু সন্মিলনীবোৰে ৭০-৮০ টকীয়া বাহিৰৰ গামোচাৰ বিপৰীতে ২৫০-৩০০ টকাত অসমীয়া শিপিনীৰ গামোচা দিবলৈ আৰম্ভ কৰক।

এনেবোৰ কাৰ্যৰ জৰিয়তেহে বিহুৰ ঐতিহ্য ৰক্ষা হ’ব আৰু এটা থলুৱা উদ্যোগে ঠন ধৰি উঠিবলৈ সুবিধা পাব। মুখ্যমন্ত্ৰীয়ে অসমৰ হস্তশিল্পৰ ওপৰত বহু গুৰুত্ব দিছে, স্বনিৰ্ভৰ নাৰীৰ দৰে শিপিনীসকলৰ সুবিধাৰ বাবে বহু অভিলাসী আচঁনি লৈছে। ইণ্ডিয়ান উইভাৰ্ছ এলায়েন্স নামৰ সংস্থাটোৰ জৰিয়তে তেখেতসকলে মিৰ্জা আৰু বিভিন্ন ঠাইত শিপিনীসকলৰ লগ লাগি কাপোৰ তৈয়াৰ কৰি, লগতে সুতা দেশৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰি আহিছে। দিনে দিনে তেওঁলোকৰ বজাৰ বৃদ্ধি পাইছে আৰু বিভিন্ন ষ্টাইলৰ কাপোৰেৰে মানুহৰ মাজত জনপ্ৰিয় হৈছে। আমি আয়োজিত কৰা ৰঙালীত অহা ২০, ২১, ২২ আৰু ২৩ এপ্ৰিলত অসম হেণ্ডলুমৰ ব্যাপক প্ৰদৰ্শন কৰা হ’ব। যি সকলে প্ৰকৃত অৰ্থত খাঁটি হেণ্ডলুমৰ কাম কৰি আছে আমি তেওঁলোকক ৰাইজৰ মাজত পৰিচয় কৰি দিবলৈ যত্ন কৰিম। ৰঙালীত অসম হেণ্ডলুমৰ স্বকীয় ডিজাইনসমূহ কি দৰে ব্যৱসায়ীকৰণ কৰিব পাৰি সেই বিষয়তো আলোচনা চক্ৰৰ আয়োজন কৰা হ’ব। আমি অসম হেণ্ডলুমৰ এক বৃহৎ ফেশ্বন শ্ব’ৰ আয়োজন কৰিম য’ত কেইজনমান শ্ৰেষ্ঠতম ডিজাইনাৰে নিজা সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিব। ইণ্ডিয়ান উইভাৰ্ছ এলায়েন্সেও আমাৰ দৰ্শক পৰ্যটক ইত্যাদিক এটা হেণ্ডলুম অভিজ্ঞতা দিব। আমাৰ যি সকল শিপিনী বা হস্তশিল্প উদ্যোগীয়ে এই লেখনিটো পঢ়িছে তেখেতসকলক জনাব বিচাৰো যে চৰকাৰে অসম হেণ্ডলুমক অত্যন্ত গুৰুত্ব দিয়া হৈছে।

অনাগত দিনত ৰাজ্যখনত হেণ্ডলুমৰ বিশাল বজাৰ সৃষ্টি হ’ব আৰু আগ্ৰহীসকলে লাভ জনক ব্যৱসায় কৰি আগবাঢ়িব পাৰিব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!