মঙলদৈত এশ শতাংশৰে উজলিল নগৰবাহী জোনজ্যোতি জাতীয় বিদ্যালয়

1 min read

উতফুল্লিত স্থানীয় ৰাইজ

মঙলদৈৰ পৰা মকছেদ আলি, ৰিপৰ্ট, ১৫ মে’ : সদ্য ঘোষিত

এইবছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত

এশ শতাংশৰে উজলিল দৰং জিলাৰ মঙলদৈৰ নিকটৱৰ্তী জোন জ্যোতি জাতীয় বিদ্যালয় । ফলাফল অনুসৰি এইবাৰ বিদ্যালয় খনৰ পৰা ২০ গৰাকী

পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ২০ গৰাকীয়েই

সুখ্যাতিৰে উত্তীৰ্ণ হয় । ইয়াৰে প্ৰথম বিভাগত ১৮

গৰাকী আৰু দ্বিতীয় বিভাগত দুগৰাকী উত্তীৰ্ণ হয় ।এইসকলৰ ভিতৰত ৩ জনে ডিষ্টিংচন আৰু ৮ জনে ষ্টাৰ নম্বৰ লাভ কৰে । আনহাতে

অসমীয়াত ৭, ইংৰাজীত ৪, গনিতত ১০, বিজ্ঞানত ৫, সমাজ বিজ্ঞানত ৫, ঐছ্যিক বিষয়ত

৪ আৰু ভূগোল বিষয়ত ৬ গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰে ।উল্লেখ্য যে বিদ্যালয় খনৰ ছাত্রী প্রশান্তী দেৱী উচ্চ গনিতন ১০০ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে |

মকচেদ আলি Report-GTM

You May Also Like

More From Author