30 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

মঙলদৈত নিৰ্বাচনৰ দায়িত্ব পালন কৰিব যোৱা বিষয়া-কৰ্মচাৰীৰ আহুকাল |নিম্নমানৰ খাদ্য যোগান ধৰাৰ অভিযোগ

Top Newsমঙলদৈত নিৰ্বাচনৰ দায়িত্ব পালন কৰিব যোৱা বিষয়া-কৰ্মচাৰীৰ আহুকাল |নিম্নমানৰ খাদ্য যোগান ধৰাৰ অভিযোগ

বিশেষ সংবাদদাতা,মঙলদৈ, ১৭ এপ্ৰিল : ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দৰং জিলাৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে কলাইগাঁঁও, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁৱৰ ১০৬৫ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ আজি প্ৰিজাইডিং আৰু প’লিং বিষয়াসকলক নিজ নিজ গন্তব্য স্থানলৈ প্ৰেৰণ কৰাৰ সময়ত বিভিন্ন আহুকালৰ সন্মুখীন হয় নিৰ্বাচনৰ দায়িত্ব বহন কৰা বিষয়া সকলে। মঙলদৈ মহাবিদ্যালয়ত অস্থায়ী ভাবে স্থাপন কৰা ষ্ট্ৰং ৰূমৰ পৰা আজি বিষয়া সকলক ই ভি এম, ভি ভি পেট আদিৰ সৈতে যাৱতীয় সামগ্ৰী প্ৰদান কৰি গন্তব্য স্থানলৈ প্ৰেৰণ কৰাৰ প্ৰাকমুহূৰ্তত আজি দুপৰীয়াৰ আহাৰ প্ৰদান কৰে দৰং জিলা প্ৰশাসনে। কিন্তু দুপৰীয়াৰ আহাৰ হিচাপে প্ৰদান কৰা খাদ্য সামগ্ৰী সমূহ অতি নিম্নমানৰ হোৱাৰ গলতে খাদ্য পৰিবেশনৰ ক্ষেত্ৰটো যথেষ্ট খামখেয়ালি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। দৰঙৰ উপায়ুক্তই পুৱা ৯ বজাতে নিৰ্বাচনী বিষয়া সকলক মঙলদৈ মহাবিদ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়াত দুৰণীবটীয়া লোকসকলৰ কিছুসংখ্যকে পুৱা খালী পেটেৰেই আহি মহাবিদ্যালয় চৌহদত উপস্থিত হৈ ভোকে লঘোণে থাকিব লগীয়া হয়। আনহাতে বোকাময় হৈ পৰা ভোজঘৰত দুপৰীয়াৰ আহাৰৰ বাবে যোৱা লোকসকলৰ মাজত এক হেচা ঠেলা পৰিবেশৰ সৃষ্টি হোৱাৰ উপৰিও খাদ্যৰ মাণডণ্ড একেবাৰে নিম্নমানৰ হোৱা বুলি অধিকাংশ প্ৰিজাইডিং আৰু প’লিং বিষয়াই অভিযোগ কৰিছে। খাদ্যৰ নামত চূূূড়ান্ত প্ৰতাৰণা কৰি প্ৰশাসনে নিৰামিষ আহাৰ যোগান ধৰে আৰু ভাতৰ সতে দাইল, চবজি আৰু সামান্য আলুভাজি দিয়াত অসন্তুষ্ট হৈ পৰে বিষয়া-কৰ্মচাৰী সকলে। ভাত দিয়াত পলম হোৱাৰ লগতে খোৱাৰ অনুপযোগী পোৰা ভাত (জ্বলি যোৱা) খাবলৈ দিয়াত ভোজনালয়ত এক অপ্ৰিতিকৰ পৰিবেশৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে। ইফালে অধিকাংশ প্ৰিজাইডিং আৰু পলিং বিষয়াই ভোট গ্ৰহণৰ সামগ্ৰী সমূহ লৈ প্ৰায় এক কিল’মিটাৰ পথ খোজকাঢ়ি গৈ ভেবাৰঘাট বাছ আস্থানতহে বাছত উঠিব লগীয়া হোৱাত বিষয়া সকল আন এক সমস্যাৰ সন্মুখীন হয়। লগতে এই সকল বিষয়াৰ বাবে কিছুমান মেজিক গাড়ীও অধিগ্ৰহণ কৰিছে যদিও একোখন মেজিক গাড়ীত ১২-১৫ জনকৈ লোকে ই ভি এম মেচিনৰ সতে ঠেলা হেচাকৈ গন্তব্য স্থানলৈ যাব লগীয়া হোৱা দৃশ্য অতি দৃষ্টিকটু আছিল বুলি সচেতন মহলে মন্তব্য কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!