28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ সংস্কৃতি শিকিবলৈ আহ্বান কেজৰিৱালৰ

Assamese Newsমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ সংস্কৃতি শিকিবলৈ আহ্বান কেজৰিৱালৰ

দেওবাৰে অসমত উপস্থিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। সোণাৰাম খেলপথাৰৰ বিশাল ৰাজহুৱা সম্বোধন কৰিব দুই গৰাকী মুখ্যমন্ত্ৰীয়ে।

বিমান বন্দৰত উপস্থিত হৈয়ে সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰী দুইগৰাকীয়ে। সংবাদ মাধ্যম সম্বোধন কৰি কেজৰিৱালে কয় যে ”আজি মই আৰু ভগৱন্ত মান অসমলৈ আহিছো। অসমত ৫২ বছৰ কংগ্ৰেছ, ১০ অসম গণ পৰিষদ আৰু ৭ বছৰ বিজেপিয়ে ৰাজত্ব কৰিছে। কিন্তু উন্নতি একো নহ’ল।

প্ৰতিটো দলে অসমক বিশ্বাসঘাটকতা কৰিছে। অসমৰ মানুহে সকলোকে সুযোগ দিছে। এইবাৰ আপক দিয়ক। আপে সুযোগ পালে উন্নয়ন কৰে”।

হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি তেওঁ কয় যে, মই ভিডিঅ’ দেখিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে মোক ধমকি দিছে। কৈছে যে কেজৰিৱাল আহিলে জেলত ভৰাই থ’ম। মই তেওঁক দিল্লীলৈ অহাৰ বাবে আহ্বান জনাইছো। শৰ্মা দিল্লীলৈ আহিলে মই ঘৰত চাহ খুৱাই দিল্লী ফুৰাম”।

অসমৰ মানুহ ভাল । অতিথিক সন্মান কৰে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংস্কাৰ পাহৰি গৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংস্কৃতি শিকিব লাগে বুলিও মন্তব্য কৰে কেজৰিৱালে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!