fbpx
October 20, 2021

মুখ্য মন্ত্রীৰ সাহাৰ্য পুজিলৈ গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদৰ সাহাৰ্য প্রদান

মঙলদৈ, ২৯ জুলাই : ৰাজ্য খনৰ বিভিন্ন দল- সংগঠন আৰু ব্যক্তি বিশেষে মুখ্য মন্ত্ৰীৰ বান সাহাৰ্য পুজিলৈ দান-বৰঙণি আগবঢ়োৱাৰ সময়তে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দলগাও আঞ্চলিক সমিতিয়েও ৰাজ্যৰ বানাক্ৰান্ত লোক সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছে । দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাসৰ জৰিয়তে আজি মুখ্য মন্ত্রীৰ সাহাৰ্য পুজিলৈ দহ হাজাৰ এশ টকাৰ এখন বেংক ড্রাফ প্ৰেৰণ কৰে পৰিষদৰ দলগাও আঞ্চলিক সমিতিয়ে ।পৰিষদৰ অন্যতম নেতা তথা দলগাও পঞ্চায়তৰ আঞ্চলিক সদস্য ৰেকিবুৰ ৰহমানৰ নেতৃত্বত আজি দুপৰীয়া এটা সজাতি দলে এই ধন প্রদান কৰে । পৰিষদৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক ৰচিদ আহমেদ,দলগাও আঞ্চলিকৰ সম্পাদক মোচাব্বিৰ হুছেইন, প্রচাৰ সম্পাদক ৰাজিবুৰ ৰহমান প্ৰমুখ্যে পৰিষদৰ কৰ্মকৰ্তাসকলে সজাতি দলটোক প্ৰতিনিধিত্ব কৰে বুলি জানিব পৰা গৈছে ।

Makshed Ali Report GTM

error: Content is protected !!
%d bloggers like this: