৭৩ তম স্বাধীনতা দিবস উপলক্ষে বৰপেটা জিলাৰ বিভিন্ন ঠাইত নাওখেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়

৭৩ তম স্বাধীনতা দিবস উপলক্ষে বৰপেটা জিলাৰ বিভিন্ন ঠাইত নাওখেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ,জানিব পৰা মতে অহা ২০আৰু ২১ তাৰিখে ভেৰাবিঠা বজাৰ(কালদিয়া নদীত) দুদিনীয়াকৈ নাও খেলৰ আয়োজন কৰা হৈছে ,দুটা গ্ৰুপত খেল পৰিচালনা কৰা হব ক আৰু খ ,,,ক গ্ৰুপৰ নাওৰ জোখ ৪৫ হাতৰ পৰা ৫৭ হাতৰ ভিতৰত থকা নাওক অংশগ্ৰহণ কৰিবলৈ দিয়া হব । ক শাখাৰ ভৰ্তি মাচুল ৭০০১ টকা আৰু পুৰস্কাৰ সমূহ হল প্ৰথম পুৰস্কাৰ বাজাজ পালছাৰ ১৫০ এখন আৰু দ্বিতীয় পুৰস্কাৰ বাজাজ চিটি ১০০ এখন‌,,খ শাখাৰ নাওৰ জোখ ২৫ হাতৰ পৰা ৪০ হাতৰ ভিতৰত হব লাগিব ,,খ শাখাৰ ভৰ্তি মাচুল ১০০১ টকা আৰু পুৰস্কাৰ সমূহ হল প্ৰথম পুৰস্কাৰ আলমিৰাহ আৰু দ্বিতীয় ছাইকেল এখন ,,,,তাৰ পিছত ২৩ তাৰিখে বাঘবৰৰ সত্ৰকণৰাত বিশাল নাওখেলৰ আয়োজন কৰা হৈছে ইয়াত ক শাখাৰ নাওৰ জোখ ৫৮ হাতৰ পৰা ৯০হাতৰ ভিতৰত হব লাগিব, খ শাখাৰ নাওৰ জোখ ৪৫ হাতৰ পৰা ৫৭হাতৰ ভিতৰত হব লাগিব ,,ইয়াত দুয়োটা শাখাৰে ভৰ্তি মাচুল ৫০০১ টকা,,ইয়াৰ পুৰস্কাৰ সমূহ হল দুয়োটা শাখা মিলি চাৰি খন‌ বাজাজ চিটি ১০০ বাইক অৰ্থাৎ দুয়োটা শাখাৰে পুৰস্কাৰ একেই প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ হে দিয়া হব।

Safiqul Islam Report GTM

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!