৭ জনক হত্যা ১২ বছৰীয়া কিশোৰৰ! মৃত্যুদণ্ডৰে দণ্ডিতক ন্যায়ালয়ে দিলে মুক্তি…

৭ জনক হত্যা ১২ বছৰীয়া কিশোৰৰ! মৃত্যুদণ্ডৰে দণ্ডিতক ন্যায়ালয়ে দিলে মুক্তি…

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। এনে ঘটনা হ্ৰাস কৰাৰ বাবে দেশত বহু আইন বনোৱা হৈছে যদিও হ্ৰাস হোৱা নাই এনে কাণ্ড সমূহ। ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ে এক হত্যাকাণ্ড সন্দৰ্ভত দিছে বিশেষ ৰায়।

পুনেত ৫ গৰাকী মহিলা আৰু দুটি শিশুক হত্যা কৰাৰ অভিযোগত মৃত্যুদণ্ডৰে দণ্ডিত এক ব্যক্তিক মুক্তিৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে । অপৰাধৰ সময়ত অভিযুক্ত কিশোৰ আছিল বাবে সোমবাৰে এই ৰায় প্ৰদান কৰে ন্যায়ালয়ে।

১৯৯৪ চনত পুনেত সংঘটিত হৈছিল এই হত্যাকাণ্ড। ন্যায়াধীশ কে এম জোছেফ, অনিৰুদ্ধ বসু আৰু হৃষীকেশ ৰয়ক লৈ গঠিত এখন বিচাৰপীঠে গ্ৰহণ কৰে এই ৰায়।

তেওঁ কয়, দোষী নাৰায়ন চেতাৰাম চৌধুৰী ঘটনাৰ সময়ত কিশোৰ আছিল। দাখিল কৰা তথ্য অনুসৰি অপৰাধৰ সময়ত তেওঁৰ বয়স আছিল ১২ বছৰ ৬ মাহ। সেয়ে ২৮ বছৰ ধৰি কাৰাগাৰত থকা অপৰাধী জনক ন্যায়ালয়ে মুক্তি দিয়াৰ আদেশ দিয়ে।

উক্ত হত্যাকাণ্ডত মৃত্যুদণ্ড বিহা হৈছিল নাৰায়ন আৰু তেওঁৰ সহযোগী জিতেন্দ্ৰ নৰসিংহ গেহলট। পৰৱৰ্তী সময়ত ক্ষমা বিচৰা আবেদনত ৰাষ্ট্ৰপতিয়ে জিতেন্দ্ৰক মৃত্যুদণ্ডৰ সলনি যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।

আনহাতে নাৰায়নে ২০১৫ চনত কিশোৰ হোৱা দলিল দিছিল ন্যায়ালয়ত। তাৰপাছতে ২০১৯ চনত প্ৰমাণ হৈছিল যে নাৰায়ন সেই সময়ত কিশোৰ আছিল। অৱশ্যে কিশোৰ বুলি প্ৰমাণ হোৱাৰ ৩ বছৰ পাছতহে নাৰায়নে মুকলি আকাশৰ তললৈ অহাৰ সুবিধা পায়।

GTM Desk

Related