এন আৰ চিৰ ঐতিহাসিক সোণালী অধ্যায়ৰ আৰঁত দুই ব্যক্তিৰ নাম
সোণোৱালী আখৰেৰে লিপিবদ্ধ হোৱা ৩০ জুলাই দিনটোৰ জাতীয় আনন্দৰ নেপথ্যত আছে কেইজনমান হাড়ে হিমুজুৱে অসমীয়া ।উচ্চতম ন্যায়ালয়ত “ৰাষ্ট্ৰীয় নাগৰিপঞ্জী”ৰ হকে এ পি ডব্লিউৱে গোচৰ তৰাৰ নেপথ্যত আছে এই দুই অসমপ্ৰেমী প্ৰদীপ ভূঞা আৰু বন্তি ভূঞা।এ পি ডব্লিউৰ অধ্যক্ষ অভিজিত শৰ্মাই জনোৱা মতে ,এন আৰ চিৰ সংক্ৰান্ত এই দুই মহান অসম সন্তানে নিজৰ নিজৰ সম্পত্তি বিক্ৰী কৰি হলেও এন আৰ চি সফল ৰূপায়ণত বিশেষ অৰিহনা যোগাই আহিছে এই দম্পতি হালে।এই ৯বছৰীয়া আইনী যুজত এই পৰ্যন্ত ৭০ লাখ টকা আগবঢ়াই ভূঞা দম্পতিয়ে ।প্ৰদীপ ভূঞাৰ পৰামৰ্শৰ ভিত্তিতে ২০০৯ চনৰ ২৫ মেত অভিজিত শৰ্মাই এপিডব্লিউৰ হৈ উচ্চতম ন্যালয়ত এন আৰ চি প্ৰস্ততৰ বাবে আবেদন দাখিল কৰে।
