ছয়মাইলত নগদ ধন–ড্রাগ্ছসহ মাতৃ–পুত্রক গ্রেপ্তাৰ

1 min read

নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান৷ কালি গড়চুক আৰক্ষীয়ে মহানগৰীৰ কটহবাৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ দুজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰাৰ পিছত দিছপুৰ আৰক্ষীয়ে মহাগৰীৰ ছয়মাইলৰ পৰা বুজন পৰিমাণৰ ব্রাউন ছুগাৰসহ ২ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷

ছয়মাইলৰ দ্বাৰান্ধাৰ পৰা গ্রেপ্তাৰ কৰা ড্রাগ্ছ সৰবৰাহী দুজন সপ্তান বেগম (৬০) আৰু তেওঁৰ পুত্র আব্দুল মান্নান (২৫) বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রই জনোৱা মতে, ধৃত মহিলাগৰাকীয়ে দীর্ঘদিন নিজগৃহত নিষিদ্ধ ড্রাগ্ছৰ বেহা চলাই আছিল৷

আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি দ্বাৰান্ধাৰ বাসগৃহৰ পৰা মহিলাগৰাকীৰ লগতে তেওঁৰ পুত্রক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ধৃত ড্রাগ্ছ ব্যৱসায়ী মাতৃ–পুত্রৰ পৰা প্রায় ১৩ গ্রাম ব্রাউন ছুগাৰ উদ্ধাৰ কৰাৰ লগতে নগদ ৫৪ হাজাৰ টকা আৰু প্রায় ৫০টা খালী কণ্টেইনাৰ জব্দ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ পৰৱর্তী সময়ত ড্রাগ্ছ ব্যৱসায়ৰ অভিযোগত মহিলাগৰাকীৰ স্বামীও গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ Source: Niyomiya Barta

You May Also Like

More From Author