বিজেপি কর্মীক প্রহাৰ কৰি গীতানগৰ থানাৰ উপ–পৰিদর্শকসহ দুই কনিষ্টবল নিলম্বন

1 min read

সান্ধ্য আইন উলংঘা কৰাৰ অপৰাধত প্রবীন বৈশ্য নামৰ এজন যুৱকক নির্মমভাৱে অত্যাচাৰ কৰাৰ অভিযোগত গীতানগৰ থানাৰ উপপৰিদর্শক ফুলেশ্বৰ কোঁৱৰক নিলম্বন কৰিছে মহানগৰ আৰক্ষী আয়ুক্তই৷

আৰক্ষীৰ নির্যাতনৰ বলি হোৱা প্রবীন বৈশ্যই এই ঘটনা সন্দর্ভত  প্রতিক্রিয়া প্রকাশ কৰি কয় যে যোৱা ২৮ মে’ৰ সন্ধিয়া ৭.৫৫ বজাত ৰোগীয়া মাতৃৰ বাবে ঔষধ ক্রয় কৰিবলৈ অহাৰ সময়তে জুৰোড তিনিআলিত কর্তব্যৰত আৰক্ষী বিষয়া উপ পৰিদর্শক কোঁৱৰৰ নেতৃত্বত থকা আৰক্ষীৰ দলটোৱে তেওঁক প্রহাৰ কৰিছিল৷ আৰক্ষীৰ নির্মম নির্যাতনৰ বলি হোৱা ঘটনা সন্দর্ভত ভুক্তভোগী বৈশ্যই আৰক্ষীৰ সঞ্চালক প্রধানকে ধৰি উচ্চ পদস্থ বিষয়াসকলক অৱগত কৰিছিল৷ এই অভিযোগৰ ভিত্তিতেই মহানগৰআৰক্ষী আয়ুক্তই ফুলেশ্বৰ কোঁৱৰ আৰু দুগৰাকী কনিষ্টবলক তৎকালে বলবৎ হোৱাকৈ নিলম্বন কৰে৷ Source:Niyomiya Barta

You May Also Like

More From Author