পুৰণিগুদামৰ বৰমছজিদৰ শতবৰ্ষ গৰকা এটা দুই মহলীয়া মিনাৰ যিটো মিনাৰেই পৰিচয় পুৰণিগুদামৰ।

পুৰণিগুদামৰ বৰমছজিদৰ শতবৰ্ষ গৰকা এটা দুই মহলীয়া মিনাৰ যিটো মিনাৰেই পৰিচয় পুৰণিগুদামৰ।

যিটো মিনাৰে ধৰি ৰাখিছে হিন্দু মুছলমানৰ একতাৰ এনাজৰী।কিন্তু চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ বাবে মিনাৰটোলৈ আহিল অশনি সংকেত।প্ৰশাসনে ভাঙিব ঐতিহ্য বহনকাৰী এই মিনাৰটো।মিনাৰ টো নিৰ্মাণত ব্যবহাৰ হোৱা নাছিল কোনো ৰড আৰু চিমেন্ট।1950 চনৰ ভুমিকম্পটো অনিষ্ট হোৱা নাছিল এই মিনাৰটো। হাহৰ কনী,বৰাচাউলেৰে নিৰ্মিত এই মিনাৰটো স্থানান্তৰ কৰাৰ বাবে প্ৰশাসনৰ হাতত নাছিল কোনো উপায়।কিন্তু শেহতীয়াকৈ পুৰণিগুদাম বাসীৰ বাবে আহিছে এক সুখৰ খবৰ।যোৰহাটৰ IMPERIEL DECOR নামৰ সংস্থাটোৰ ৱাকিল আহমেদ নামৰ লোকজন আগবাঢ়ি আহিছে মিনাৰটো ৰক্ষণাবেক্ষণ দিবলৈ।হাৰিয়ানাৰ RR &SONS CONSTRUCTION কোম্পানীয়ে মিনাৰটো স্থানান্তৰ কৰিব নিৰাপদ দুৰত্বলৈ।কোম্পানীটোৰ স্বত্বাধিকাৰী তথা অভিযন্তা গুৰদ্বীপ সিং , তেওঁলোকে আগতেও কেৰেলা আৰু অসমত সম্পন্ন কৰিছে।মিনাৰটো স্থানান্তৰ কৰিবলৈ কোম্পানীটোৰ কৰ্মচাৰীক লাগিব ৩০পৰা ৪০ দিন। আধুনিক প্ৰযুক্তিবিদ্যা আৰু কৰ্মদক্ষতাইহে এই কাৰ্য সম্পন্ন কৰিব বুলি মন্তব্য কৰে অভিযন্তা গৰাকীয়ে। আনহাতে মিনাৰটো সুৰক্ষিত হব বুলি জানিব পাৰি উৎফুল্লিত হৈ পৰিছে সমগ্ৰ পুৰণিগুদামবাসী। #nagaon

আদিল শ্বাহ Report – Guwahati Times

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.