বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ দেহাৱসান,কোনোদিন উভতি নহাৰ বাটেৰে তেওঁ গ’লগৈ…

বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ দেহাৱসান,কোনোদিন উভতি নহাৰ বাটেৰে তেওঁ গ’লগৈ…

অসমৰ সাংস্কৃতিক জগতৰ জনপ্ৰিয় অভিনেতা জয়ন্ত দাস আৰু নাই। ৫৪ বছৰ বয়সত মৃত্যু হয় বিশিষ্ট অভিনেতাগৰাকীৰ। শনিবাৰে সন্ধিয়া ৮ বাজি ৪১ মিনিটত মৃত্যু হয় অভিনেতাগৰাকীৰ। উল্লেখযোগ্য যে, যোৱা ৯ ডিচেম্বৰ শনিবাৰে মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ এপল’ হাস্পতালত ভৰ্তি কৰা হৈছিল আৰু এসপ্তাহে অভিনেতাগৰাকী চিকিৎসাধীন হৈ আছিল। যকৃত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল জয়ন্ত দাস।

ইতিমধ্যে, এপ’ল হাস্পতালৰ পৰা প্ৰয়াত অভিনেতাগৰাকীৰ নশ্বৰ দেহ ঘৰলৈ লৈ যোৱা হৈছে। অভিনেতা জয়ন্ত দাসৰ মৃত্যুত সাংস্কৃতিক জগতত অপূৰণীয় ক্ষতি। জনপ্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী। জয়ন্ত দাসৰ চিকিৎসা ব্যয় বহন কৰিছিল ৰাজ্য চৰকাৰে। জানিব পৰা মতে, জয়ন্ত দাসৰ শেষকৃত্য আজিয়ে সম্পন্ন কৰা হ’ব।

Shahnawaz Hamza

Related