মঙলদৈত নেৰানেপেৰা বৰষুণত বিস্তৃৰ্ণ অঞ্চল প্লাৱিত || নিৰ্বিকাৰ জলসিঞ্চন বিভাগ

0 min read

বিশেষ সংবাদদাতা,মঙলদৈ ,২ মে : দৰং জিলাৰ মঙলদৈ চহৰৰ নিকটৱৰ্তী নোৱা নদীৰ পূৱ দিশৰ চি এম দও ডোং ৰ মঠাউৰীটো কানাইচুবা আৰু মোল্লাপাৰা গাৱৰ মাজৰ অংশত এবছৰ পূৰ্বেই বানপানীত চিগি গৈছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই যথাসময়ত উক্ত মঠাউৰীটো মেৰামতি কিম্বা পুণৰ নিৰ্মাণ নকৰাৰ ফলস্বৰূপে ভগা অংশৰে নদীখনৰ বাঢ়নী পানী বাহিৰলৈ ওলাই অহাৰ ফলত নিকটৱৰ্তী অঞ্চল সমূহ প্লাৱিত হৈ পৰাত ৰাইজৰ দুৰ্দশাৰ অন্ত নোহোৱা হৈছে । বিগত কিছুদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত নদীখন ফেনেফোটোকাৰে ওফন্দি উঠাত ৰাইজ আতংকিত হৈ পৰিছে । চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগৰ মঙলদৈ সংমন্ডলৰ হেমাহীৰ বাবে ভগ্ন মঠাউৰীটো মেৰামতি নকৰাৰ পৰিনতিতে দুৰ্ভগীয়া ৰাইজে এনেদৰে জীয়াতু ভূগিব লগীয়া হৈছে | সম্প্রতি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নৈখনৰ বাঢ়নী পানী সেই অংশৰে সোমাই বিস্তৃৰ্ণ কৃষি ভূমিৰ লগতে ২নং নম্বৰ বেজপাৰা,কানাইচুবা,মোল্লাপাৰা,পাঁচ আলি আদি গাওঁ প্লাৱিত কৰে । এই ক্ষেত্রত নিৰ্বিকাৰ হৈ থকা জলসিঞ্চন বিভাগক স্থানীয় ৰাইজে অতি শীঘ্রে মঠাউৰিটো মেৰামতি কৰিবলৈ দাৱী জনাইছে ।

মকছেদ আলিৰ ৰিপট,মঙলদৈ

You May Also Like

More From Author