ছিকিমৰ পৰা পুনৰ উদ্ধাৰ চিৰাঙৰ ১৭ শিশু

0 min read

চিৰাং আৰক্ষীয়ে চুবুৰীয়া ৰাজ্য ছিকিমত দ্বিতীয়বাৰৰ বাবে অভিযান চলাই ১৭টা শিশু আৰু ২জন প্রাপ্তবয়স্কক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ শুকুৰবাৰে বিয়লি এখন সংবাদ মেলত এই তথ্য সদৰী কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান (টি এণ্ড এ পি) তথা বি টি এ ডিৰ ভাৰপ্রাপ্ত আইজিপি এল আৰ বিষ্ণয়ে৷

চিৰাং আৰক্ষী অধীক্ষকৰ কার্যালয় সভাকক্ষত অনুষ্ঠিত সংবাদ মেলত আৰক্ষী বিষয়াজনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, জিলাখনৰ উপ–আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাৰ নেতৃত্বত তথা শান্তিপুৰ উপ–আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াৰ সহযোগত চিৰাং আৰক্ষীৰ অভিযানকাৰী দলে ৮ৰ পৰা ১২ আগষ্টলৈ ছিকিমৰ তিনিখন জিলাত অভিযান চলাই ১৭গৰাকী নাবালক আৰু ২গৰাকী প্রাপ্তবয়স্কক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উদ্ধাৰ কৰা নাবালক আৰু প্রাপ্তবয়স্ক দুজনক এখন বিশেষ বাছত চিৰাঙলৈ লৈ অনা হয়৷ উদ্ধাৰ কৰা আটাইৰে ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পাছত নিগেটিভ বুলি নিশ্চিত হয়৷ বর্তমান আটাইকে চিৰাং জিলাৰ ৪টা আশ্রয়স্থলীত ৰখাৰ ব্যৱস্থা গ্রহণ কৰিছে৷

অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াজনে লগতে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ তৎপৰতাত চিৰাং আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যখনত দুবাৰকৈ অভিযান চলাই বর্তমানলৈ মানৱ সৰবৰাহকাৰীৰ কবলত পৰা চিৰাঙৰ ৫৭ শিশু আৰু ৪গৰাকী প্রাপ্তবয়স্কক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ যোৱা ৮ আগষ্টৰ পৰা ছিকিমৰ তিনিখন জিলা ক্রমে ইষ্ট ছিকিম, ৱেষ্ট ছিকিম আৰু ছাউথ ছিকিমৰ বিভিন্ন স্থানত অভিযান চলাই ৫ বছৰৰ পৰা ১৭ বছৰীয়া শিশু, কিশোৰ–কিশোৰী ১৭জনক উদ্ধাৰ কৰাৰ লগতে ২জন প্রাপ্তবয়স্ক লোকক উদ্ধাৰ কৰে৷ ৫ বছৰীয়া শিশুটিক মাতৃৰ সৈতে উদ্ধাৰ কৰা বুলিও অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াজনে সদৰী কৰে৷ উদ্ধাৰ কৰা ১৯জনৰ ১৫জন আদিবাসী, ২জন নেপালী আৰু একোজনকৈ ৰাজবংশী আৰু সূত্রধৰ সম্প্রদায়ৰ বুলি জনায়৷ তেওঁলোকৰ ১০গৰাকী মহিলা আৰু ৯জন পুৰুষ৷ আজিৰে পৰা আটাইৰে কাউন্সিলিং আৰম্ভ কৰি বিশেষজ্ঞৰ পৰামর্শ মতে পর্যায়ক্রমে পৰিয়ালৰ হাতত আৰু শিশু আশ্রয়গৃহত ৰখাৰ ব্যৱস্থা কৰা হ’ব৷ চিৰাং আৰক্ষীয়ে ৰুণিখাটা থানাত নিজাববীয়াকৈ ৰুজু কৰা গোচৰৰ ভিত্তিত দ্রুত গতিত তদন্ত প্রক্রিয়া আগুৱাই নি ইতিমধ্যে ন্যায়িক জিম্মালৈ প্রেৰণ কৰা মানৱ সৰবৰাহকাৰী কৃষ্ণ যোগীৰ চিৰাঙৰ সহযোগীসকলৰ লগতে চক্রটোৰ সৈতে জডিত ছিকিমৰ সহযোগীসকলকো বিচাৰি আটক কৰিব বুলি চিৰাং জিলা আৰক্ষী অধীক্ষকে মন্তব্য প্রকাশ কৰিছে৷

চিৰাং আৰক্ষীয়ে জিলাখনৰ গ্রামাঞ্চলত মানৱ সৰবৰাহ বন্ধ কৰাৰ বাবে থানা পর্যায়ৰ ভি ডি পি আৰু গাঁওবুঢ়াসকলৰ সহযোগত মানৱ সৰবৰাহকাৰীৰ কবলত পৰা শিশুসকলৰ তথ্য সংগ্রহ কৰাৰ লগতে সজাগতা বৃদ্ধি কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷

You May Also Like

More From Author