24.7 C
Assam
Sunday, December 4, 2022

Featured News

আঙুলিৰে নাক খজুৱাই নেকি? শীঘ্ৰে এই কুভ্যাস পৰিত্যাগ কৰক…

আপুনি বাৰু নাক খজুৱাই থাকে নেকি? এইটো...

Assam Police arrest three persons in Nagaon, recover 7.65mm pistol, brown sugar

Assam Police arrested three persons and recovered...

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

বিধানসভাত গৃহীত হ’ল আছাম টেনান্সী এক্টঃ কি এই নতুন আইন ?

Assamese Newsবিধানসভাত গৃহীত হ’ল আছাম টেনান্সী এক্টঃ কি এই নতুন আইন ?

নগৰাঞ্চলত বিগত দীর্ঘসময়ৰ পৰা ঘৰ ভাৰাক লৈ মালিকপক্ষ আৰু ভাৰাতীয়াৰ মাজত চলি থকা সংঘাত তথা বিবাদৰ অন্ত পেলোৱাৰ লক্ষ্যৰে শুকুৰবাৰে বিধানসভাত গৃহীত হ’ল দ্য আছাম টেনেন্সী বিল–২০২১৷ নগৰ উন্নয়ন মন্ত্রী অশোক সিংহলে শুকুৰবাৰে বিধানসভাত উত্থাপন কৰা এই বিধেয়কখন সর্বসন্মতিক্রমে গৃহীত হয়৷

উল্লেখ্য যে ভাৰা ঘৰৰ মালিক আৰু ভাৰাতীয়াৰ স্বার্থ সুৰক্ষাৰ অর্থে দেশৰ ভিতৰতে প্রথমবাৰৰ বাবে অসমে গৃহীত কৰিছে এই টেনেন্সী এক্টখন৷ ইয়াৰ জৰিয়তে যিকোনো চৌহদ ভাৰালৈ নিয়াৰ প্রক্রিয়াটো সংশ্লিষ্ট কর্তৃপক্ষই নিয়ন্ত্রণ কৰিব পাৰিব৷ কালি বিধানসভাত এই আইনখন গৃহীত হোৱাৰ লগে লগে পূর্বৰ নগৰাঞ্চল ভাৰা আইন ১৯৭২খন নিষ্ক্রিয় হৈ পৰিব৷ আইনখনৰ জৰিয়তে ঘৰৰ মালিকে ইচ্ছা অনুসৰি বৃদ্ধি কৰিব নোৱাৰিব ভাৰা৷

আইনখন সন্দর্ভত নগৰ উন্নয়ন মন্ত্রী অশোক সিংহলে প্রকাশ কৰা অনুসৰি এই আইনখনৰ অধীনত জিলা পর্যায়ত স্থাপন হ’বলগীয়া ৰেণ্ট ট্রিবিউনেল, ৰেণ্ট এপিলেড অথ’ৰিটীয়ে মালিকপক্ষ আৰু ভাৰাতীয়াসকলৰ মাজত বিবাদ নিষ্পত্তি প্রক্রিয়াটো খৰতকীয়া কৰিব৷ আজি গৃহীত হোৱা আইনখনৰ জৰিয়তে চৌহদৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্রত মালিক আৰু ভাৰাতীয়াসকলৰ দায়িত্ব সম্পর্কেও স্পষ্ট কৰি দিয়া হৈছে৷ চৌহদৰ এটা ভাৰা নির্ধাৰণৰ ক্ষেত্রত কোনো কৃত্রিম ওপৰঞ্চি নিয়ম প্রযোজ্য নহ’ব৷ আইনখনৰ জৰিয়তে ভাৰা দিয়া আৰু ভাৰা লোৱা সৰল কৰা হৈছে৷ তদুপৰি এটা ঘৰৰ মালিক আৰু ভাৰাতীয়াৰ মাজৰ বুজাবুজিৰ দ্বাৰা ভাৰাৰ দৰ নির্ধাৰণৰ ব্যৱস্থা কৰা হৈছে৷

উল্লেখ্য যে শুকুৰবাৰে বিধানসভাত দ্য আছাম মিউনিচিপাল (ছেকেণ্ড এমেণ্ডমেণ্ট) বিল–২০২১খনো গৃহীত হয়৷ এই আইনৰ জৰিয়তে নগৰাঞ্চলৰ বিভিন্ন ঠাইৰ সম্পত্তিৰ কৰ ভিন্ন কৰা হৈছে৷ অর্থাৎ কোনো অঞ্চলৰ ভূমিৰ মূল্য তথা সম্পত্তিৰ ওপৰতহে কৰ নির্ধাৰণ হ’ব৷ যি অঞ্চলৰ ভূমি তথা সম্পত্তিৰ মূল্য কম, সেই অঞ্চলৰ সম্পত্তিৰ কৰো কম হ’ব৷ আনহাতে এই আইনৰ জৰিয়তে সম্পত্তিৰ কৰ অনলাইনৰ জৰিয়তে পৰিশোধ কৰাৰ ব্যৱস্থা কৰা হৈছে৷

তদুপৰি ব্যৱসায়িক অনুজ্ঞাপত্র লাভৰ ক্ষেত্রতো অনলাইন ব্যৱস্থা আৰম্ভ কৰা হ’ব এই আইনৰ জৰিয়তে৷ বিধানসভাৰ অন্তিম দিনা এই দুখন আইনৰ লগতে ‘দ্য আছাম এমপ্লইজ পেৰেণ্ট ৰেচপনচিবিলিটী এণ্ড নর্মছ ফৰ একাউণ্টিবিলিটী এণ্ড মনিটৰিং (এমেণ্ডমেণ্ট) বিল, ২০২১’, ‘দ্য ৰেজিষ্ট্রেচন (আছাম এমেণ্ডমেণ্ট) বিল, ২০২১’, ‘দ্য আছাম প্রফেছনছ ট্রেডছ, কোলিং এণ্ড এমপ্লইমেণ্টছ টেক্সেচন (এমেণ্ডমেণ্ট) বিল, ২০২১’, ‘দ্য মাজুলী ইউনিভার্ছিটী অৱ কালচাৰ (এমেণ্ডমেণ্ট) বিল, ২০২১’, ‘দ্য ইণ্ডিয়ান ষ্টেম্প (আছাম এমেণ্ডমেণ্ট) বিল, ২০২১’ আৰু দ্য আছাম কেটেল প্রিজার্ভেচন বিল, ২০২১’খন সর্বসন্মতিক্রমে গৃহীত হয়৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: