মহানগৰীত দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ীজনৰ অৱশেষত মৃত্যু হয়। এইপৰ্যন্ত অপৰাধীৰ কোনো সন্ধান লাভ কৰা নাই যদিও আৰক্ষীৰ তদন্ত অব্যাহত আছে। পৰিয়ালৰ সন্দেহ, ডব্লিউ যাদৱ নামৰ বিহাৰৰ এজন ব্যক্তিয়ে চুপাৰি কিলাৰ লগাই অৱদেশ যাদৱক হত্যা কৰিছে। বিহাৰৰ সমষ্টিপুৰ জিলাৰ চিমৰা গাঁৱত ঘৰত যাদৱৰ।
উল্লেখযোগ্য যে ৫ বছৰ পূৰ্বে অৱদেশ যাদৱৰ আন এজন ভাতৃক গুলীয়াই হত্যা কৰা হৈছিল। নিজ গাঁৱতে দুৰ্বৃত্তই হত্যা কৰিছিল অৱদেশৰ ভাতৃ মিথিলেশ যাদৱক। গাঁৱৰ ৰাজনীতি আৰু মাটি–বাৰীৰ সংঘাতৰ বাবে হত্যা কৰিছিল মিথিলেশক।
অৱদেশ যাদৱৰ হত্যাকাণ্ড সন্দৰ্ভত ইতিমধ্যে পৰিয়ালে পল্টন বজাৰ আৰক্ষী থানাত 105/22 নম্বৰৰ এক গোচৰ ৰুজু কৰিছে। আনহাতে, আৰক্ষীয়ে ছিপাঝাৰৰ পৰা ৩জন লোকক আটক কৰিছে। ইয়াৰ ভিতৰত এজন হত্যাকাণ্ডত ব্যৱহাৰ হোৱা বাইকখনৰ গৰাকী। বাইকৰ গৰাকী আব্বাছ আলীৰ লগতে ইছমাইল আলী আৰু আকাশ আলী নামৰ আন দুজনক আটক কৰিছে আৰক্ষীয়ে।