Month: June 2022

প্ৰেমত ব্যৰ্থ হৈ যুৱতীক ছুৰিকাঘাতঃ সৰুপেটাৰ কদমতলাত অঘটন

প্ৰেমত ব্যৰ্থ হৈ যুৱতীক ছুৰিকাঘাতঃ সৰুপেটাৰ কদমতলাত অঘটন

আজি আবেলি প্ৰায় ৩-৩০ মান বজাত সৰুপেটাৰ সমীপৰ কদমতলাত মানস টুৰিষ্ট হাইৱেত হোৱা এক নৃশংস চুৰিকাঘাতৰ ঘটনাত এগৰাকী যুৱতী গুৰুতৰ‌ ৰূপে আহত হয়।যুৱতী গৰাকীয়ে বৰ্তমান বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত জীৱন-মৃত্যুৰে সৈতে যুঁজি থকাৰ বাতৰি পোৱা গৈছে। গুৰুতৰভাৱে আহত যুৱতীগৰাকী সাউদৰ ভিঠা গাৱৰ মমতা বসুমতাৰী (১৯) বুলি জানিব পৰা গৈছে

কে এল অ’ -চৰকাৰৰ শান্তি আলোচনাৰ আহ্বানঃ অভয়াপুৰীত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সভা

কে এল অ’ -চৰকাৰৰ শান্তি আলোচনাৰ আহ্বানঃ অভয়াপুৰীত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সভা

বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাগৃহত আজি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে পৰিষদৰ সাধাৰণ সদস্য ধৰ্মেন্দ্ৰ ৰায়ৰ আকস্মিক মৃত্যুত সভাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । আজিৰ সভাই কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বিশেষকৈ কে এল অ’ –

সুৰাপায়ীসকলৰ বাবে দুখবৰঃ পুনৰ বিলাতী সুৰাৰ দাম বৃদ্ধি

সুৰাপায়ীসকলৰ বাবে দুখবৰঃ পুনৰ বিলাতী সুৰাৰ দাম বৃদ্ধি

👉পুনৰ বিলাতী সুৰাৰ দাম বৃদ্ধি 👉১৫ জুনৰ পৰা ৬৫ শতাংশকৈ বাঢ়িব সুৰাৰ দৰ 👉ৰেগুলাৰ ব্রেণ্ডৰ বটলত ন্যূনতম বৃদ্ধি পাব ৯২ টকাকৈ 👉জেনেৰেল ব্রেণ্ডৰ প্রতি বটলত বাঢ়িব ৮০ টকাকৈ 👉ক্লাছিক প্রিমিয়াম ব্রেণ্ডৰ সুৰাৰ প্রতি বটলত কমেও ৩৫০ টকাকৈ পাব বৃদ্ধি 👉আবকাৰী বিভাগৰ জাননী জাৰি