কিয় বিশ্বজুৰি জনপ্ৰিয় হৈ পৰিছে ভিয়েটনামৰ ৰঙা কঁঠাল ?

1 min read

ভাৰতবৰ্ষৰ লগতে বিশ্বৰ প্ৰতিখন দেশত কম-বেছি পৰিমাণে কঁঠাল উৎপাদন হয় । ডাঙৰ-সৰু সকলোৰে প্ৰিয় এই ফল অৱশ্যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ জাতীয় ফল । সম্প্ৰতি বাংলাদেশত ভিয়েটনামৰ ৰঙা কঁঠাল সাংঘাটিক ধৰণে জনপ্ৰিয় হোৱা দেখা গৈছে । মূলতে থাইলেণ্ড , মালেইছিয়া, আৰু ভিয়েটনামত বহু উন্নত প্ৰজাতিৰ কঁঠাল উৎপাদন হয় ।

ইয়াৰে অন্যতম হ’ল ভিয়েটনামত উৎপাদন হোৱা আঠাবিহীন ৰঙা কঠাল । অৱশ্যে এই কঠালৰ আকাৰ অন্য কঠালতকৈ কিছু সৰু হয় । এই জাতৰ কঁঠালত কেৱল সুস্বাদু কঠালৰ ফোটা থাকে । এই কঠাল ইমানেই জনপ্ৰিয় যে অন্য জাতৰ কঁঠালতকৈ ইয়াৰ মূল্য বহু বেছি । উৎপাদনৰ ক্ষেত্ৰতো ইয়াৰ খৰচ কম আৰু লাভ বেছি হয় আৰু ই বাৰটা মাহতে উপলব্ধ হয় ।

তেনেক্ষেত্ৰত অসমত উপলব্ধ কঁঠালো ব্যৱসায় ভিত্তিত উৎপাদন কৰি থলুৱা খেতিয়কসকল অধিক লাভাম্বিত হ’ব পাৰিব বুলি ক’ব পাৰি । যিহেতু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে কঁঠাল উৎপাদন কৰি দ্বিতীয় স্থান লাভ কৰাৰ লগতে থাইলেণ্ড, ইন্দোনেছিয়া আৰু নেপালে ক্ৰমে তৃতীয় , চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

বাংলাদেশে অতি প্ৰাচীন কালৰে পৰা খাজা, আদাৰস আৰু গালা নামৰ তিনিধৰণৰ কঁঠাল উৎপাদন কৰি আহিছে । বৰ্তমান উচ্চ জাতৰ দুবিধ কঁঠাল , ঘৰুৱা কঁঠাল -১ আৰু ঘৰুৱা -২ নামৰ বাংলাদেশৰ কৃষি গৱেষণা ইনষ্টিটিউটে উদ্ভাৱন কৰিছে ।

সমান্তৰালকৈ বৰ্তমান বিশ্বৰ বিভিন্ন দেশত হাইব্ৰিড জাতৰ কঁঠাল উৎপাদন কৰা হৈছে । তাৰভিতৰত ভিয়েটনামৰ ৰঙা কঁঠাল অন্যতম । যাৰ ইংৰাজী নাম হৈছে , Gac Baby Jackfruit ।

জানক এই ৰঙা কঁঠাল লগোৱাৰ নিয়ম :
ছাদত বা ড্ৰামত এই ৰঙা কঁঠাল ৰোপণ কৰিব পাৰি । সমান্তৰালকৈ বৰ্ষা বা বৰষুণৰ পানী নোৰোৱা ওখ ঠাইতো এই কঁঠাল ৰোপণ কৰিব পাৰি । চাফা পৰিবেশ এই কঁঠালৰ খেতি কৰিবৰ বাবে অতিকৈ উপযোগী । একেদৰে ঘৰৰ ছাদ বা ড্ৰামত এই কঁঠাল ৰুলে এটা ডাঙৰ ড্ৰাম ল’ব লাগে । পিছত ভাল মাটি ভৰাই কঁঠালৰ পুলিটো ৰুৱ লাগে ।

কঁঠালৰ গুটিৰ পৰা কঁঠালৰ পুলি উলিয়াই এই খেতি কৰা হয় । ইয়াৰোপৰি ডালৰ পৰা কলম কৰিও এই পুলি উলিয়াব পাৰি । একেদৰে আপুনি বিভিন্ন নাৰ্চাৰীৰ পৰাও এই ভিয়েটনামী ৰঙা কঁঠালৰ পুলি ক্ৰয় কৰিব পাৰে । সাধাৰণতে শাওঁণ মাহৰ মাজভাগত এই কঁঠাল ৰুব লাগে ।

এজোপা গছৰ পৰা আন জোপালৈ ১২ মিটাৰ দূৰত্ব থকাটোও প্ৰয়োজন । উল্লেখ্য যে এই গছ ৰোপণ কৰাৰ পিছত দৈনিক পৰিচৰ্যা কৰাৰো প্ৰয়োজন নাথাকে । কঁঠাল গছজোপাত ফুল লগাৰ পৰা মুচি আৰু কঁঠাল ডাঙৰ হোৱা তথা পকালৈকে মুঠ ১২০ দিনৰ পৰা ১৫০ দিন সময় লাগে ।

You May Also Like

More From Author