নিশাৰ ৰাজপথত আৱদ্ধ কণ্ঠশিল্পী ভৃগু কাশ্যপ !

1 min read

নিশা ২.২৭ বজাত কামৰ পৰা নিজৰ ঘৰলৈ যোৱা অৱস্থাত হঠাৎ কণ্ঠশিল্পী ভৃগু কাশ্যপ আবদ্ধ হৈ পৰে। ৰাস্তাৰ মাজত কান্দজ্ঞানহীন একাংশ মহানাগৰীকৰ বাবেই মাজৰাস্তাতে আবদ্ধ হবলগীয়া হয় শিল্পীগৰাকী। যাৰ বাবে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ক্ষোভ উজাৰিলে কণ্ঠশিল্পীগৰাকীয়ে।

আচলতে এই ঘটনা বুধবাৰৰ নিশা। তেতিয়া সময় ২.২৭ বাজিছিল। কামৰ পৰা নিজৰ ঘৰলৈ যোৱা অৱস্থাত মহানগৰীৰ ভেটাপাৰাস্থিত কণ্ঠশিল্পীগৰাকীৰ বাসগৃহলৈ সোমাই যোৱা গলিত নিৰ্মীয়মান এটা অট্টালিকাৰ সন্মুখত বালিৰ দমাই থোৱা হৈছিল। যাৰ কাষেৰে এখন বাহনটো বাদেই চাইকেল এখনো পাৰ হৈ যাব পৰা অৱস্থা নাছিল। অট্টালিকাৰ মালিকক মইমতালি তথা কান্দজ্ঞানহীনতাৰ বিপক্ষে এইবাৰ একপ্ৰকাৰ শিক্ষা দিবলৈ বাধ্য হৈ পৰিল ভৃগু কাশ্যপ। নিজ বাহন ৰখাই অট্টালিকাটোত কৰ্মৰত লোকৰ হতুৱাই পুনৰ খালী কৰালে পথ। লগতে পুনৰাই এনেদৰে পথ বন্ধৰ দৰে কাণ্ড নকৰিবলৈও নিৰ্দেশ দিলে কণ্ঠশিল্পীগৰাকীয়ে।

শিল্পীগৰাকীয়ে ফেচবুক পেজত এইবিষয়ে এক ভিডিঅ চেয়াৰ কৰি সমগ্ৰ বিষয়টোক লৈ ক্ষোভ উজাৰিছে। চিভিক চেন্স নথকা একাংশ লোকৰ মইমতালিৰ বাবেই এতিয়া ৰাজহুৱা স্থান, ৰাজপথক একাংশই নিজৰ খেয়ালখুচি অনুযায়ী ব্যৱহাৰ কৰাৰ ওপৰতো তেওঁ মন্তব্য কৰে। যদি সেই নিশাৰ ভাগত কিবা জৰুৰীকালিন এম্বুলেন্স সেই ৰাস্তাৰে যাবলগীয়া হ’লহেতেন সেই প্ৰশ্ন উত্থাপন কৰি কণ্ঠশিল্পীগৰাকীয়ে এইসকল লোকৰ বিষয়ে ব্যৱস্থাগ্ৰহণৰো আহ্বান জনায়।

এতিয়া প্ৰশ্ন হয় এইসকল মহানাগৰীকৰ বিৰুদ্ধে প্ৰশাসনে কিবা ব্যৱস্থা লবনে ?

You May Also Like

More From Author