জিমলৈ নোযোৱাকৈও এইবোৰ উপায়েৰে অতিৰিক্ত চৰ্বি কমাব পাৰি

0 min read

ব্যস্ততাৰ বাবে বহুতেই আজিকালি জিমলৈ গৈ শৰীৰ চৰ্চা কৰাৰ সময় নাপায়৷ কিন্তু তেওঁলোকে যদি বিচাৰে ঘৰত থাকিয়েই বিভিন্ন কৌশলেৰে দেহৰ অতিৰিক্ত ওজন কমাব পাৰে৷ উল্লেখ্য কৰা হ’ল জীমলৈ নোযোৱাকৈ চৰ্বি কমাব পৰাৰ উপায়–

◾নিতৌ খোজকঢ়াৰ অভ্যাস কৰক৷ ওজন কমোৱাৰ ক্ষেত্ৰত খোজকঢ়া অভ্যাসে সাংঘাটিক কাম কৰে৷ খোজকঢ়াৰ উপৰি জ’গিং আৰু দৌৰা অভ্যাসো কৰিব পাৰে৷

◾বাহিৰলৈ যাব নিবিচাৰিলে ঘৰত থাকিয়েই শৰীৰ চৰ্চা কৰক৷ স্কোৱাট, ক্ৰান্স, জাম্পিং জেক, লান্স আদি অনুশীলন কৰিও অতিৰিক্ত ওজন বা চৰ্বি কমাব পৰা যায়৷

◾অতিৰিক্ত ওজন আৰু চৰ্বি কমোৱাৰ আটাইতকৈ স্বাস্থ্যসন্মত আৰু সহজ উপায় হৈছে যোগাভ্যাস৷ যোগাসনৰ জৰিয়তেও চৰ্বি কমাব পৰা যায়৷ অৱশ্যে প্ৰশিক্ষণ নোলোৱাকৈ কঠিন যোগাসন কৰাৰ পৰা বিৰত থাকিব৷ নহ’লে হিতে বিপৰীত হ’ব পাৰে৷

◾লিফটৰ সলনি চিৰি ব্যৱহাৰ কৰা অভ্যাস কৰক৷ এই সৰু অভ্যাসটোৱে আপোনাৰ চৰ্বি সহজে কমাব আৰু অতিৰিক্ত ওজন হ্ৰাস কৰিব৷

◾ওজন আৰু চৰ্বি কমোৱাৰ আন এটা কাৰ্যকৰী উপায় হৈছে নৃত্য৷ বহুতেই জীমত একঘেয়ামী শৰীৰ চৰ্চাৰে বিৰক্তি অনুভৱ কৰে৷ সেয়েহে ঘৰতে প্ৰচণ্ডৰ গান বজাই নৃত্য কৰক৷ এই অভ্যাসে কেল’ৰি জ্বলাই পেলোৱাত সহায় কৰে৷ ফলত চৰ্বি সহজে কমে৷

You May Also Like

More From Author