বিহালী বুৰৈঘাটত বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ : বিহালী আৰক্ষীৰ নাকাচেকিঙত জব্দ গাঞ্জা বাহন সহ ২বেপাৰী

1 min read

 

বিহালীত একাধিক বাৰ জব্দ হৈ আহিছে অবৈধ সুৰা অথবা গাঞ্জা এই বাৰ আজি বুধবাৰে বিহালী বুৰৈঘাটত আৰক্ষীৰ নাকাচেকিঙত পুৱা ৮-৪০ বজাত জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা বাহন সহ দুজন ব্যৱসায়। বিহালী আৰক্ষী
থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুছিং বে নেতৃত্বত যোৱা আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পমখেদি প্ৰায় ২৪ লাখ টকা মূল্যৰ 48.900 কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য মতে ৰৌতাৰ পৰা গহপুৰ অভিমুখে গৈ থকা AS 01 R 4252 নম্বৰৰ ৱাগানাৰ বাহনত আনি থকা অৱস্থাত বুৰৈঘাটৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বুৰৈ দলং ওচৰত আৰক্ষীয়ে তালাচি চলাই জব্দ কৰে এই বৃহৎ গাঞ্জা সমুহ। লগতে গাঞ্জা ব্যৱসায়ীৰ লগত জড়িত দুজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক দুজন উদালগুৰী জিলাৰ মাজবাটৰ দেৰচুমা কছাৰী আৰু বলেন্দ্ৰ বসুমতাৰী বুলি জানিব পৰা গৈছে।এই অভিযানত উপস্থিত থাকি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু DSP জয়ন্ত বৰুৱা।

বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

You May Also Like

More From Author