টীয়কত আছুৰ অনশন কাৰ্যসূচী l

1 min read

 

টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩

সমগ্ৰ অসমৰ লগতে টীয়কতো সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী।ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি শিমলুগুৰি মৌজা আৰূ চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী।টীয়কৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদত পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা এই অনশন কাৰ্যসূচীত শিমলুগুৰি মৌজা, চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে কেইবাখনো আঞ্চলিকে অংশগ্ৰহণ কৰিছে।ইপিনে চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয় আঁতৰাই ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ বিৰোধীতা কৰি
ইতিমধ্যে এমাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়ে ঘোষণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আৰু তাৰে অংশস্বৰূপে আজি সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো চৰকাৰৰ এই হতকাৰী সিদ্ধান্ত ৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদত নামিছে সংগঠনটো আৰু অনাগত দিনত অধিক গণতান্ত্ৰিক আন্দোলন চলাই যোৱাৰ সংকল্প গ্ৰহণ কৰিছে।

You May Also Like

More From Author