চিভিল চাৰ্ভিচেছ এছিভাৰ্ছ পইন্টৰ আদৰণীয় পদক্ষেপ

1 min read

টীয়কত সংবাদমেল সম্বোধন কৰি জনালে সঞ্চালক ৰাজদ্বীপ লেখাৰুৱে

প্ৰতিযোগিতামূলক পৰীক্ষাত অথবা এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰা সকলৰ বাবে সুখবৰ।পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এতিয়া আৰু লাখ লাখ টকা খৰছ কৰি গুজৰাট,দিল্লী,ৰাজস্থান বা বাংগালোৰোলৈ যাব নালাগে।ঘৰতে বহি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ প্ৰস্তুতি চলোৱাৰ ব্যৱস্থা কৰিছে গুৱাহাটীস্থিত এক শৈক্ষিক প্ৰতিষ্ঠানে।হয়,পুৰণি গুৰুকুলৰ শিক্ষা গ্ৰহণ প্ৰণালীক আদৰ্শ হিচাপে লৈ অসমৰ অন্যতম প্ৰতিযোগিতামূলক শিক্ষাৰ প্ৰস্তুতিৰ কেন্দ্ৰ গুৱাহাটীস্থিত চিভিল চাৰ্ভিচেছ এছিভাৰ্ছ পইন্ট(চি এছ এ পি)ৰ সঞ্চালক ৰাজদ্বীপ লেখাৰুৰ তত্বাবধানত অনলাইন মাধ্যমত বিনামূলীয়া অসামৰিক সেৱাৰ পৰীক্ষা (IAS,IPS,ACS,APS,AJS) আৰু অন্যান্য চৰকাৰী পৰীক্ষাৰ প্ৰশিক্ষণৰ এক ব্যৱস্থা কৰা হৈছে।যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অহা ১৮ জুলাই পৰা বছৰযোৰাকৈ আৰম্ভ হ’বলগীয়া এই অনলাইন প্ৰশিক্ষণত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ পৰা সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলে 9127515541 নম্বৰত নিজৰ নাম ঠিকনা উল্লেখ কৰি এটা বাৰ্তা অহা ১৫ জুলাইৰ ভিতৰত প্ৰেৰণ কৰি পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে সঞ্চালকগৰাকীয়ে।উল্লেখযোগ্য যে বিগত বছৰসমূহৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় দহ হাজাৰৰো অধিক ছাত্ৰ ছাত্ৰীক ইতিমধ্য ACS,IAS,IPS ক ধৰি অনান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰি বিভিন্ন সময়ত ছাত্ৰছাত্ৰীসকলক সফলতা লাভ কৰাবলৈ সক্ষম হৈছে চি এছ এ পিয়ে। লগতে দেশৰ অনান্য ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সমান ফেৰ মাৰি অসমৰ ছাত্ৰ ছাত্ৰীসকলো যাতে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰি অসমখনক আগুৱাই নিব পাৰে তাৰ উদ্দেশ্যেই এইদৰে অসমৰ বিভিন্ন প্ৰান্তত এইদৰে অনলাইন তথা প্ৰয়োজন সাপেক্ষে অফলাইন মাধ্যমত বিনামূলীয়াকৈ অভিজ্ঞ প্ৰশিক্ষকৰদ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে সঞ্চালক গৰাকীয়ে।আৰু এই শৈক্ষিক পৰিবেশে ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনত বিশেষ সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে।ইতিমধ্য যোৱা জানুৱাৰী মাহত পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত চি এছ পি এ য়ে ঢেকীয়াখোৱাস্থিত পৰ্যটক ভৱনত এক কৰ্মশালাৰ আয়োজন কৰিছিল য’ত বৃহত্তৰ টীয়কৰ বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু আগ্ৰহ প্ৰকাশ কৰিছিল।সেয়ে উক্ত প্ৰশিক্ষণ শিবিৰৰ পাছতে বিশেষকৈ জিলাখনৰ আগ্ৰহী ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে এইদৰে অনলাইন মাধ্যমেৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু এই সুবিধা প্ৰদান কৰাৰ বাবে নামঘৰ পৰিচালনা সমিতিৰ লগতে ঢেকীয়াখোৱা মাধৱদেৱ পুথি ভড়াল,যুৱসংঘক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে ৰাজদ্বীপ লেখাৰুৱে।

You May Also Like

More From Author