শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি কমাবলৈ খাওক এই ৫ টা খাদ্যৰ মিশ্ৰণ..

1 min read

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে খাদ্যৰ তালিকাখন সঠিক ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। কিছুমান খাদ্যৰ মিশ্ৰণে (Weight Loss Foods) ওজন হ্ৰাস কৰাত সহায় কৰে। এই খাদ্যসমূহ একেলগে খালে চৰ্বি সোনকালে কমে। এই খাদ্যসমূহে চৰ্বি হ্ৰাস কৰাৰ লগতে পেশীও বৃদ্ধি কৰে। যাৰ বাবে শৰীৰ শক্তিশালী হৈ থাকে। ৫ টা এনে খাদ্য মিশ্ৰণৰ বিষয়ে জানো আহক…

মচুৰ দাইল-বিলাহী

প্ৰটিন, আঁহ আৰু অন্যান্য পুষ্টিকৰ পদাৰ্থ দালিত পোৱা যায়। পেটটো ভৰপূৰ কৰি ৰখাৰ লগতে ই পেশী বৃদ্ধিত সহায় কৰে। যদি ইয়াৰ লগত বিলাহী মিহলি কৰি খোৱা হয়, তেন্তে ইয়াত উপস্থিত জৈৱ সক্ৰিয় ফাইটোকেমিকেলে বিএমআই নিয়ন্ত্ৰণত সহায় কৰে।

গ্ৰীণ টি আৰু নেমু

ওজন কমাবলৈ গ্ৰীণ টি আৰু নেমু সৰ্বোত্তম পানীয়। ই চৰ্বি দ্ৰুতভাৱে হ্ৰাস কৰে। এই দুবিধ একেলগে খালে শৰীৰত এন্টিঅক্সিডেন্ট, ভিটামিন চি আৰু কেটেচিন পোৱা যায়। ইয়াৰ ফলত যকৃতে চৰ্বি হ্ৰাস কৰাত সহায় কৰে আৰু পেটৰ চৰ্বি কমায়।

আনাৰস আৰু নেমু

ওজন কমাবলৈ আনাৰস আৰু নেমুৰ ৰস খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। দুয়োটা টেঙা বস্তু আৰু দুয়োটাৰে চৰ্বি গলাব পৰা গুণ আছে। ই বিপাকীয় ক্ৰিয়া বৃদ্ধিৰ কাম কৰে। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা ছালখনো সুন্দৰ হৈ থাকে।

ডিমৰু-বাদাম

ডিমৰু আৰু বাদাম মিহলাই খালী পেটত খালে স্বাস্থ্যৰ কাৰণে উপকাৰী । ইয়াত প্ৰটিন, কাৰ্ব আৰু ফাইবাৰ পোৱা যায় যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। এইবোৰ একেলগে খালে ভিটামিন আৰু খনিজ পদাৰ্থও পৰ্যাপ্ত পৰিমাণে পোৱা যায়।

কণী-কেপচিকাম

কণীত কম কেলৰি আৰু অধিক প্ৰটিনযুক্ত খাদ্য থাকে,যিয়ে ভোক নিয়ন্ত্ৰণ কৰাত সহীয় কৰে। কেপচিকামে চৰ্বি সোনকালে হ্ৰাস কৰাত সহায় কৰে। এক গৱেষণাৰ মতে কেপচাইচিন কেপচিকামত পোৱা যায়, যিয়ে ভোক নিয়ন্ত্ৰণ কৰে আৰু ওজন দ্ৰুতভাৱে হ্ৰাস কৰে।

You May Also Like

More From Author