গৰ্ভৰ যন্ত্ৰনা!

1 min read

গৰ্ভধাৰণৰ প্ৰথম সপ্তাহত পানীৰ বুদবুদিৰ নিছিনা ভ্ৰুণৰ আকাৰ হৈ পাছত ফলৰ দৰে হব ধৰে । এমাহৰ পাছত সেইটো ভ্ৰুণৰ মাথা বা মুৰ হবলৈ ধৰে ।

দুমাহৰ পাছত হাত-ভৰি , তিনিমাহৰ পাছত নখ-চুলি , চাৰি মাহৰ পাছত সাত ধাতু , পাঁচ মাহত ভোক-পিয়াহৰ জ্ঞাণ , ছয় মাহ পাছত মাতৃৰ পেটৰ ভিতৰত ভ্ৰমণ কৰা বুলি কয় । অনেক জীৱ-জন্তুৰ বিষ্ঠাৰে ভৰি থকাৰ দৰে স্থানত থাকিব লগা হয় জীৱ এটা । মাতৃ দুষ্ট হলে বা সেই আত্মাটোৰ পুৰ্বজন্মৰ পাপ থাকিলে কষ্ট গৰ্ভৰ পৰাই আৰম্ভ হয় । নৰক যন্ত্ৰনা গৰ্ভতেই আৰম্ভ হয় । মাতৃয়ে খোৱা জলকীয়া , মছলাযুক্ত আদি খাদ্যই শিশুক পেটৰ ভিতৰতেই নৰক যন্ত্ৰনা দিয়ে । সেইবোৰৰ ৰসে শিশুৰ শৰীৰত জুইৰ দৰে জ্বলায় । পিন্জৰাত আৱদ্ধ চৰাইৰ দৰে চটফটাই থকাৰ বাহিৰে একো কৰিব নোৱাৰে । গৰ্ভবাস আৰু নৰকবাস সমান ।

সাত মাহত জীৱক আগৰ জন্মৰ জ্ঞাণ দিয়ে ঈশ্বৰে । সেই জ্ঞাণ আৰু পাপৰ কথা শুনি জীৱই বাৰে বাৰে ঈশ্বৰক বাহিৰত দিবলৈ প্ৰাৰ্থনা কৰে আৰু এই জনমত ভগৱানৰ সেৱা কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হয় । গৰ্ভত জীৱই ভগৱানৰ ওচৰত অনেক প্ৰকাৰৰ প্ৰতিজ্ঞা কৰে । তাৰ পাছত সকলো জ্ঞান লৈ ঈশ্বৰৰ মতে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি নিজৰ পুৰ্বৰ দোষ মনত কৰি কান্দি কান্দি বাহিৰত ওলাই আহে । কিন্তু জন্মৰ লগে লগেই মায়াই আগুৰি ধৰে । এই মায়াৰ কৱলত পৰি জীৱই কিছুদিনৰ পাছতেই সকলো পাহৰি যায় আৰু আগৰ পাপবোৰেই কৰিব ধৰে ।।

শৰীৰত মুঠ 14 তা বেগ আছে । যাক ৰখাবৰ চেষ্টা কৰিলে ভয়ঙ্কৰ ৰোগ হব পাৰে ।

তাৰে কেইটামান লিখিলোঁ ।

১.পেচাবৰ বেগ ৰখাবৰ চেষ্টা কৰিলে কিডনীৰ সমস্যা হয়।

২.শৌচ ৰখাবৰ চেষ্টা কৰিলে পেটৰ বিভিন্ন সমস্যা হোৱাৰ লগতে piles , constipation , গাৰ দুৰ্গন্ধ আৰু মুখৰ দুৰ্গন্ধ আদি হব ।

৩.ঘাম ৰখাব গলে ছালৰ ৰোগ হোৱাৰ লগতে তেজ দূষিত হব । সেয়ে powder নলগাব ।

৪.চকুপানী ৰখালে চকুৰ ৰোগ হব , চকুৰ গুৰি কলা পৰিব , স্মৃতিশক্তি লোপ পাব আৰু লগতে সঘনাই মূৰৰ বিষ হব ।

৫.হাচি ৰখালে এলাৰ্জি বাঢ়ি যাব ।

৬.কাঁহ ৰখালে হাওঁফাওঁৰ ৰোগ বাঢ়ি যাব ।।

৭.পাদ ৰখালে শৰীৰত গেছ বাঢ়ি বায়ু দোষ হব ।

৮.কান্দোন ৰখালে মগজুই কষ্ট পাব আৰু পাগল হব পাৰে ।

৯.উগাৰ ৰখালে পেটত গেছ বাঢ়িব ।

১০.কাম বেগ ৰখালে বিভিন্ন শাৰীৰিক আৰু মানসিক বিকাৰ আহি পৰে ।।

১১.ভোক ৰখালে পেটত acidity বৃদ্ধি পায় ।

১২.হামি আহিলে কেতিয়াও ৰখাৰ চেষ্টা কৰিব নালাগে । শৰীৰত অক্সিজেনৰ পৰিমাণ কমি গলে হামি আহে বাৰে বাৰে ।।।

১৩.হিকটি আহিলে ৰখোৱাৰ চেষ্টা কৰিব নালাগে। কেতিয়াবা হাওঁফাওঁত কিবা বিসংগতি হলে নাইবা খাদ্যত কিবা বিসংগতি হলেও শৰীৰে হিকটিৰ দ্বাৰা সেইটো ঠিক কৰি লয় ।।

১৪.হাঁহি ৰখালে মানুহৰ মুখত বলি ৰেখা পৰে । জোৰকৈ মুখ খুলি হাঁহি মাৰিলে মুখমণ্ডলত তেজ পৰিবাহী গ্ৰন্থিবোৰ পৰিষ্কাৰ হয় আৰু মুখমণ্ডল উজ্জল হৈ থাকে ।।

You May Also Like

More From Author