- শুকুৰবাৰে নিশা গুৱাহাটীৰ বামুণীমৈদামত ক্রাইম ব্রাঞ্চৰ অভিযান।
- কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ মুখ্য সহায়কক গ্রেপ্তাৰ।
- ধৃত মুখ্য সহায়কজনৰ নাম ছৰিফউদ্দিন আহমেদ।
- ভূমি নথি জাতিয়াতিৰ গোচৰত গ্রেপ্তাৰ ছৰিফউদ্দিন আহমেদক।
- বামুণীমৈদামৰ ভাস্কৰ নগৰৰ পৰা গ্রেপ্তাৰ।
- ভুৱা নথিৰে ভূমি পঞ্জীয়ন কৰিছিল ছৰিফউদ্দিন আহমেদে।
- মৃত লোকৰ নাম ব্যৱহাৰ কৰি প্রস্তুত কৰিছিল ভূমি বিক্রীৰ ভুৱা নথি।
- অধিবক্তা জাকিৰ ওজাৰ সৈতে মিলি প্রস্তুত কৰিছিল ভুৱা নথি।
- ক্রাইম ব্রাঞ্চত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্রেপ্তাৰ।
- দুয়োজনকে জেৰা অব্যাহত ৰাখিছে ক্রাইম ব্রাঞ্চে।
- ডেৰ বছৰ পূৰ্বে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিছিল ছৰিফউদ্দিনে।