গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ভয়ংকৰ দুৰ্ঘটনা, দ্ৰুতবেগী বেলেন’ বাহনে মহতিয়ালে কেইবাজনো লোকক

0 min read

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ভয়ংকৰ দুৰ্ঘটনা। খানাপাৰাত দ্ৰুতবেগী বেলেন’ বাহনে মহতিয়ালে কেইবাজনো লোকক। কেইবাখনো বাহন দুৰ্ঘটনাত পতিত হয়। দ্ৰুতবেগী বেলেন’ বাহনখনে প্ৰথমে প্ৰচণ্ড খুন্দা মাৰে এখন বাহনত। মেঘালয়ৰ পঞ্জীয়নভুক্ত বাহনখনে খুন্দা মাৰে আন এখন বাহনত। এই দুৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

বেলেন’ বাহনখন হোজাইৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। বাহনখনৰ চালকজন ২০ বছৰীয়া আব্বাছ আলী বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছতে ক্ষুব্ধ হৈ পৰে একাংশ লোক। চালক আব্বাছ আলীক উঠাই নিয়ে একাংশ লোকে। চালকজন ক’ত আছে সেই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়েও বিচাৰি পোৱা নাই আব্বাছ আলীক।

ইফালে, খানাপাৰাৰ পিছত ছয়মাইলত সংঘটিত হয় আন এক দুৰ্ঘটনা। হাইড্ৰ’লিক বাহনে মহাতিয়াই নিলে ৩ খন বাহন। এখন চেলেৰিও, এখন এক্সেল আৰু এখন ছুইফট বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাটো কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

You May Also Like

More From Author