এই ৰাশিৰ লোকসকলক আজি শত্ৰুৱে ক্ষতি কৰাৰ চেষ্টা চলাব, সাৱধানে থাকক! চাওক ২৩ মে’ৰ ৰাশিফল

1 min read

মেষ ৰাশি :মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই দিনটোৱে সম্পত্তি লাভৰ ইংগিত দিছে। যিকোনো সম্পত্তি অৰ্জনৰ ইচ্ছা পূৰণ হ’ব। মিউচুৱেল ফাণ্ড বা শ্বেয়াৰ বজাৰতো বিনিয়োগ কৰিব পাৰে। স্বাস্থ্যৰ কিছু অৱনতি হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব। এই দিনটোত মাতৃৰ সৈতে তৰ্ক হ’ব পাৰে, সেয়ে নীৰৱ হৈ থকা ভাল। ভাতৃৰ সৈতে ব্যৱসায়ক লৈ আলোচনা কৰিব লাগিব, ভৱিষ্যতে লাভৰ সম্ভাৱনা আছে। কিন্তু আৰ্থিক লেনদেনৰ সময়ত সতৰ্ক হোৱা উচিত। শুভ ৰং : মেজেণ্টা, শুভ সংখ্যা : ১২

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত ফলদায়ক হ’ব। সৃজনশীল কামত সফলতা লাভ কৰিব। ব্যৱসায় বৃদ্ধিৰ পৰিকল্পনাই গতি লাভ কৰিব। বন্ধু বা ঘৰৰ মানুহৰ সৈতে পিকনিক বা পাৰ্টীৰ আয়োজন কৰিব পাৰে। খৰখেদাকৈ কোনো কাম কৰিলে বিবাদ হ’ব পাৰে। কঁকাল আৰু পেটৰ সমস্যাত ভোগাৰ সম্ভাৱনা আছে। কেৱল আসন আৰু যোগৰ জৰিয়তে এই সমস্যাৰ সমাধান সম্ভৱ। শুভ ৰং : হালধীয়া, শুভ সংখ্যা : ৮

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাৰ এই দিনটো অত্যন্ত খৰখেদাৰে পাৰ হ’ব। পৰিয়ালৰ সদস্যৰ সৈতে পিকনিকৰ আয়োজন কৰা হ’ব পাৰে। অমীমাংসিত কাম শেষ কৰাৰ বাবে দীঘলীয়া সময় চেষ্টা কৰিব লাগিব। এই দিনটোত ব্যয়বহুল সামগ্ৰী নিকিনাই ভাল। কোনো সামগ্ৰী কিনাৰ পূৰ্বে সঞ্চিত ধনৰ আৰু উপাৰ্জনৰ কথা মনত ৰখা প্ৰয়োজন। ঘৰ মেৰামতি বা ৰং কৰাৰ কথা ভাবিলে আজিৰ দিনটো শুভ। ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে, দৈনন্দিত খৰচৰ বাবে সমস্যা নহ’ব। শুভ ৰং : গুলপীয়া, শুভ সংখ্যা : ১

কৰ্কট ৰাশি : কৰ্কট ৰাসিৰ জাতক-জাতিকাৰ পৰিয়ালত যদি কোনো বিবাদ চলি আছে, তেন্তে উদ্বেগ আৰু বাঢ়িব। কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় পাব। সন্তানৰ শিক্ষা সংক্ৰান্তীয় কোনো ভ্ৰমণলৈ যাব লাগিব পাৰে। ইয়াৰ বাবে শৰীৰ, মনত ক্লান্তি অনুভৱ কৰিব। খাদ্যাভাসৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ পৰামৰ্শ দিয়া হৈছে। শিক্ষাৰ্থীসকলে এই দিনটোত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰে। যিসকলে বিদেশত চাকৰি কৰিব বিচাৰে, তেওঁলোকে সুখবৰ পাব পাৰে। শুভ ৰং : নীলা, শুভ সংখ্যা : ১১

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ এই দিনটোত সন্মান বৃদ্ধি পাব। পৰিয়ালৰ সৰু শিশুৰ সৈতে দিনটো আনন্দত পাৰ হ’ব। ফলত মানসিক চাপ কমিব। সামাজিক কামত উৎসাহ বাঢ়িব, সন্মানো বৃদ্ধি পাব। এই দিনটোত সহকৰ্মীসকলৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ পাব। অৰ্থ ভাবি-চিন্তি বিনিয়োগ কৰা উচিত। সতৰ্কতাৰ সৈতে সঠিক সিদ্ধান্ত হ’ব। অন্যথা লোকচনাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যৰ বিয়াৰ প্ৰস্তাবত ছীল-মোহৰ লাগিব পাৰে। শুভ ৰং : ক’লা, শুভ সংখ্যা : ৭

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো ব্যৱসায়ত লভজনক চুক্তি হ’ব পাৰে, যাৰ বাবে দীৰ্ঘদিনৰ অপেক্ষা আছিল। কিন্তু ডাঙৰ কাম হাতত লোৱাৰ সময়ত মনত কোনো ধৰণৰ দ্বিধা থকা উচিত নহয়। ভাবি-চিন্তি কাম কৰা উচিত। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে কোনো পৰামৰ্শ দিলে সেয়া মানি চলা উচিত। প্ৰেমত সংগীক ঘৰৰ মানুহৰ সৈতে পৰিচয় কৰি দিয়াৰ বাবে আদৰ্শ দিন। শিক্ষাৰ্থীসকলৰ উন্নতিৰ পথ সুগম হ’ব। আনৰ কামত হস্তক্ষেপ কৰা উচিত নহয়, অন্যথা সময় নষ্ট হ’ব। এই দিনটোত নতুন গহণা বা কাপোৰ কিনিব পাৰে। শুভ ৰং : সেউজীয়া, শুভ সংখ্যা : ২

তুলা ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো স্বাস্থ্যৰ অৱনতিৰ বাবে শৰীৰ দুৰ্বল থাকিব, ক’ৰবালৈ যোৱাৰ পৰিকল্পনা থাকিলে পিছুৱাই দিয়া ভাল। কৰ্মক্ষেত্ৰত কোনোৱে উত্তেজিত কৰাৰ চেষ্টা কৰিব। এই দিনটোত কাৰো সৈতে তৰ্ক নকৰিব। বন্ধুৰ সহায়ত খুব সহজতে ডাঙৰ সমস্যাৰ সমাধান হ’ব। কোনো বিবাদত জড়িত হৈ পৰিলে কাম নষ্ট হ’ব, ফলত মানসিক চাপ বাঢ়িব। কোনো সমস্যাক লৈ ভাতৃৰ সৈতে আলোচনা কৰিব লাগিব। শুভ ৰং : মেৰুন, শুভ সংখ্যা : ১০

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ বাবে এই দিনটো স্বাভাৱিক হ’ব। পত্নীৰ সহায়ত কিছুমান ডাঙৰ কাম সম্পন্ন হ’ব আৰু ইয়াৰ সুফলো পাব। পৰিয়ালৰ সদস্যৰ পৰা ভাল খবৰ পাব পাৰে। এই দিনটোত বহু চেষ্টাৰ পিছত হেৰুওৱা ধন পুনৰুদ্ধাৰ হ’ব। ৰাজনীতিত যোগ দিয়াৰ কথা ভাবিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি কিছু সময় পাৰ কৰিব। কিন্তু ঘৰৰ কাৰোবাৰ স্বাস্থ্যৰ অৱনতি হোৱা বাবে কিছু চিন্তাও থাকিব। শুভ ৰং : ধূসৰ, শুভ সংখ্যা : ৬

ধনু ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই দিনটোৱে অনুকূল ফল লৈ আহিব। বুদ্ধিৰে ব্যৱসায়ৰ পৰিকল্পনা কৰিব লাগিব, ভৱিষ্যতে লাভ হ’ব। বন্ধুৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। নতুন সামগ্ৰী কিনিবলৈ গ’লে পত্নীক লগত নিয়া ভাল। আজিৰ দিনটোত সন্তানৰ সুন্দৰ ভৱিষ্যতৰ কথা ভাবিব লাগিব। কাৰোবাৰ কথা শুনি সিদ্ধান্ত লোৱা উচিত নহয়, অন্যথা সমস্যা হ’ব পাৰে। শুভ ৰং : বেঙুনীয়া, শুভ সংখ্যা : ৩

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো উপকাৰী হ’ব। ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব। পৰিয়ালৰ সদস্যসৰলো সুখী হ’ব। ঘৰৰ কোনো সদস্যই চৰকাৰী চাকৰি পাব পাৰে, ফলত পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব। কিন্তু সামাজিক অনুষ্ঠানত যোগ দিয়াৰ কথা ভাবিলে ভাৰসাম্যৰ দিশটো মনত ৰাখিব লাগিব। কাৰোবাৰ সৈতে তৰ্ক কৰা উচিত নহয়। কৰ্মক্ষেত্ৰত শত্ৰু শক্তিশালী হ’ব, গোটেই দিনটো বিৰক্ত কৰিব। সেয়ে সতৰ্ক হৈ থাকিব লাগিব। ভাই-ভনীৰ সম্পৰ্কত বিভেদ থাকিলে সেয়া আঁতৰ হ’ব। শুভ ৰং : ক্ৰীম, শুভ সংখ্যা : ৫

কুম্ভ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটো খৰখেদাকৈ কোনো কাম কৰিলে পিছত অনুতপ্ত হ’ব লাগিব। সেয়ে সাৱধানে থকাৰ পৰামৰ্শ দিয়া হৈছে। ক’ৰবালৈ যোৱাৰ প্ৰস্তুতি চলাইছে যদি সেয়া কিছু সময়ৰ বাবে স্থগিত ৰাখক। কাৰণ দুৰ্ঘটনাৰ আশংকা আছে। কৰ্মক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিব লাগিব। বন্ধু-বান্ধৱ আৰু আত্মীয়-স্বজনৰ পৰা সমৰ্থন পাব। পত্নীৰ সৈতে বিবাদ চলিলে আজি দূৰ হ’ব। শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাক লৈ যি সমস্যা চলি আছে, সেয়া পিতৃৰ সৈতে আলোচনা কৰা উচিত। শুভ ৰং : বাদামী, শুভ সংখ্যা : ৯

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত বুদ্ধিৰে বাহিৰৰ আৰু গৰৰ সমস্যা সমাধান কৰিব লাগিব। আত্মীয়ৰ সহায় বিচাৰিলে তেওঁলোকে ভুল পথলৈ নিব পাৰে। বন্ধুৰ সৈতে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিলে পিতৃৰ পৰামৰ্শ লোৱা উচিত। ভাতৃৰ সৈতে মতপাৰ্থক্য দূৰ কৰাৰ বাবে চেষ্টা কৰিব লাগিব। ব্যৱসায়ত লাভৰ সুযোগ থাকিব। ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব। ব্যৱসায়ত কোনো সমস্যা থাকিলে সেয়াও সহজতে দূৰ হ’ব। শুভ ৰং : বগা, শুভ সংখ্যা : ৪

You May Also Like

More From Author