নিউজ ব্যুৰ’,নগাঁও,৭জুলাই :–প্ৰজন্মই প্ৰজন্মই যোগ্য প্ৰশাসনিক বিষয়া সৃষ্টিৰ প্ৰয়োজন আছে অসমত।প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা জিলাই বিনামূলীয়া ক’চিং চেণ্টাৰ খোলা হ’ব ৷—–এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। ৰবিবাৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত,নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সহযোগত আৰু নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আয়োজিত বিশেষ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক কঠোৰ সমালোচনা কৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা টেঙা-মিঠা বহুত তিক্ততা লাভ কৰাৰ কথা উল্লেখ কৰি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰি ৰাজ্য চৰকাৰে শেহতীয়াকৈ ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ এই দুয়োখন ব’ৰ্ডক একত্ৰিত কৰি ৰাজ্যিক ব’ৰ্ডলৈ ৰূপান্তৰ কৰিলে ৷ ৰাজ্যিক ব’ৰ্ডক এক জাতীয় অনুষ্ঠান বুলিও অভিহিত কৰে মুখ্য উপদেষ্টাগৰাকীয়ে ৷ কিন্তু একেখন ব’ৰ্ডৰ ক্ষেত্ৰত উপাচাৰ্য পৰ্যায়ৰ এজন ব্যক্তিক মুৰব্বী হিচাপে লৈ স্বতন্ত্ৰভাৱে ৰাজ্যিক ব’ৰ্ডখনক সকলো ক্ষমতা দিয়াৰো পোষকতা কৰে আছুৰ নেতাগৰাকীয়ে ৷ ব’ৰ্ডৰ মুৰব্বী পদত উপাচাৰ্য পৰ্যায়ৰ ব্যক্তিক মুৰব্বী হিচাপে অধিষ্ঠিত কৰিলে চৰকাৰী বিদ্যালয় আৰু মাতৃভাষাৰ বিদ্যালয়ত অসমীয়া ভাষা গতিশীল হ’ব বুলি উল্লেখ কৰে ড° ভট্টাচাৰ্যই ৷
অসমত যোগ্য প্ৰশাসনিক বিষয়া সৃষ্টিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰাকৈ প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আছুৰ তৰফৰ পৰা জিলাই জিলাই ক’চিং চেণ্টাৰ খোলাৰ কথাও ঘোষণা কৰে ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ লগতে নতুন শিক্ষানীতিৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ আনহাতে,চৰকাৰে ৰাজহ সংগ্ৰহৰ নামত মহাবিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুল আদায় কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে ৷ সমান্তৰালকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত হোৱা বিসংগতিৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ড° ভট্টাচাৰ্যই ৷ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানতে জিলাখনৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয় । সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কংকন জ্যোতি বৰুৱাই আঁত ধৰা আৰু জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই উদ্বোধন কৰা অনুষ্ঠানতে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° শৰৎ বৰকটকী,বিশিষ্ট শিক্ষাবিদ দিলীপ বৰা,প্ৰাক্তন ছাত্ৰ নেতা বিজয় বৰঠাকুৰ, সুৰজিৎ গোস্বামী,অসম উন্নতি সভাৰ উপ-সভাপতি অমৰজিৎ গোস্বামী, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পংকজ বৰা, দেৱজিৎ বৰাকে ধৰি ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য মৃগাংক শেখৰ ভৰালী হাজৰিকা,ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক গৌৰী শংকৰ শইকীয়া আদি উপস্থিত থাকে । উল্লেখ্য যে এই অনুষ্ঠানতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ নগাঁৱৰ ভাস্বত শইকীয়াকো অভিনন্দন জনোৱা হয় ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও