পুনৰ নিযুক্তি প্ৰদান কৰা হ’ব ৪০,০০০ পদত!

পুনৰ নিযুক্তি প্ৰদান কৰা হ’ব ৪০,০০০ পদত!

পুনৰ ওলাব চাকৰি। অতি শীঘ্ৰই ৪০ হেজাৰ পদত নিযুক্তি দিয়া হ’ব বুলি মঙলবাৰে বিধানসভাত ঘোষণা কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে। অসম বিধান সভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা তেওঁ কয় যে, এতিয়ালৈকে ৪১ হেজাৰৰো অধিক পদত নিযুক্তি প্ৰদান কৰিছে চৰকাৰে।

পুনৰ আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া। অহা ১০ ৰ পৰা ২০ মেৰ ভিতৰত ৪০ হেজাৰ পদত নিযুক্তি প্ৰদান কৰা হ’ব। উল্লেখ্য যে. ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে সোধা এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে বিত্ত মন্ত্ৰী গৰাকীয়ে।

লগতে কয় যে, চৰকাৰে ঘোষিত ১ লাখ নিবনুৱা নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত আছে। নিযুক্তি সম্পূৰ্ণ হোৱাৰ পাছতে পৰ্যায়ক্ৰমে নিয়োগৰ ব্যৱস্থা কৰা হ’ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে।

GTM Desk

Related