25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

ৰামচন্দ্ৰ হৈ দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব আচুৰ্য বৰপাত্ৰই!

Assamese Newsৰামচন্দ্ৰ হৈ দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব আচুৰ্য বৰপাত্ৰই!
  • ‘‘ৰামচন্দ্ৰ আহিছে, ৰভা তলত বহিছে, তাকে দেখি আমাৰ কইনাই ককাল ঘূৰাই নাচিছে।’’ মাজত মাত্ৰ এটা দিন। বহু প্ৰতীক্ষাৰ অন্তত বৈবাহিক জীৱনৰ বাবে সাজু হৈছে গায়ক আচুৰ্য বৰপাত্ৰ।
  • ৰামচন্দ্ৰ হৈ দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব আচুৰ্য বৰপাত্ৰই। ২৭ ফেব্ৰুৱাৰীত বিয়া আৰু ২ মাৰ্চত অভ্যৰ্থনা। সখী হব কণ্ঠশিল্পী নীল আকাশ। সৰুপথাৰ টেঙাহোলাৰ  নিজ গৃহতেই অনুষ্ঠিত হ’ব বিবাহ আৰু অভ্যৰ্থনা।
  • তেওঁৰ বিয়াক লৈ ব্যাপক প্ৰস্তুতি চলিছে। গাঁৱৰ মহিলা সকলে বিয়া নাম গাই পিঠা বনোৱাই পিঠা বনোৱাত ব্যস্ত, তামোল কটাই তামোল কটাত ব্যস্ত।
  • দুখন পথাৰত অভ্যৰ্থনাৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে বৃহৎ পেণ্ডেল। উক্ত বিবাহ অনুষ্ঠানলৈ আহিব ৰাজ্যৰ বহু কণ্ঠশিল্পী, অভিনেতা, অভিনেত্ৰীৰ লগতে বহু কেইজন ৰাজনৈতিক নেতা।
  • ইফালে, বিবাহৰ পূৰ্বে অসমীয়া পৰম্পৰা অনুসৰি ঘৰত অনুষ্ঠিত হৈছে নীতি-নিয়ম। আয়তীৰ উৰুলি আৰু বিয়ানামত মুখৰিত হৈছে ৰভাতলী ৷ মুঠতে এতিয়া গাত তত নাইকিয়া হৈছে আচুৰ্য ৰ সৰুপথাৰৰ টেঙাহোলা ঘৰখনত ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!