অসমত বলিউডৰ অভিনেত্ৰী, মডেল সংগীতা বিজলানী

অসমত বলিউডৰ অভিনেত্ৰী, মডেল সংগীতা বিজলানী

ফেশ্বন ডিজাইনিং (Fashion Designing)ৰ জগতত ১০টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিলে প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ (Fashion designer) সংযুক্তা দত্তই। এই শুভক্ষনত সংযুক্তা দত্তক শুভেচ্ছা জ্ঞাপনৰ বাবে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী, মডেল সংগীতা বিজলানী অসমলৈ আহিছে।

সংযুক্তা দত্তই অসমৰ হস্ততাত আৰু বস্ত্ৰ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অহৰ্নিশে কাম কৰি আহিছে। তেওঁ দেশৰ সৰ্বোত্তম ফেশ্বন ৱিক নিউয়ৰ্ক আৰু পেৰিছ ফেশ্বন ৱিকত অংশ ল’বলৈ সুযোক পাইছিল।

উল্লেখযোগ্য যে, অসমৰ হস্ততাত আৰু বয়ন শিল্পক উদগনি যোগাব বলিউডৰ অভিনেত্ৰী তথা মডেল সংগীতা বিজলানীয়ে।

GTM Desk

Related