AGP Campaining for Election in everyway possible.

AGP Campaining for Election in everyway possible.

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনৰ প্ৰচাৰো তুংগত উঠিছে ৷ পিছ পৰি ৰোৱা নাই ৰূপহীহাটৰ প্ৰাৰ্থী সকলো ৷ কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত পঞ্চায়তত প্ৰাৰ্থী দিয়াক লৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি অগপ দলত যোগদান কৰাক লৈ অংকত খেলিমেলি সৃষ্টি হৈছে কংগ্ৰেছ প্ৰাৰ্থী সকলৰ মাজত ৷ নিৰ্বাচনৰ আগত দল ত্যাগ কৰি অগপ দলত যোগদান কৰাত বিমোৰত পৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকল ৷ অগপ দলেও ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নেতা পালি নেতাই ভৰি পৰিছে হি ৰূপহীহাটত ৷ দুটাকৈ দিন প্ৰাক্তন মূখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত , মন্ত্ৰী কেশৱ মহন্তৰ লগতে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা দেৱে সমষ্টিটোৰ বিভিন্ন ঠাইত মেল মিটিং কৰি ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ কংগ্ৰেছৰ দিনত হোৱা অবাধ দুৰ্নীতি আৰু বিজেপিৰ বৰ্তমানৰ স্থিতিৰ ওপৰত ৰাইজক বুজাই আঞ্চলিকতা বাদৰ ওপৰত ৰাইজৰ আস্থা আনিবলৈ চেষ্টা কৰিছে নেতা কেইগৰাকীয়ে ৷ ৰাইজৰো বিপুল সহাৰি লাভ কৰা দেখা গৈছে ৷ প্ৰতি খন সভাত চাৰি পাচঁ হাজাৰ লোকৰ উপস্থিতিয়ে আঞ্চলিক দলটোৰ প্ৰাৰ্থী সকলক উৎসাহিত কৰি তুলিছে ।

জুৰীয়াৰ পৰা পদুম ভূঞা

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.